আজি বিশ্ব খনিকৰ শ্রীশ্রী বিশ্বকৰ্মা পূজা

আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা(Vishwakarma Puja 2022) ৷ বিশ্বকৰ্মা পূজা উপলক্ষ্যে আজি ধুই-পখালি চিকুণাই তোলা হৈছে যান-বাহন, কল-কাৰখানাৰ যন্ত্ৰ-পাতি ৷

বিশ্বকৰ্মা পূজা মূলতে ভাৰতৰ অসম, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাকে ধৰি কেইবাখনো ৰাজ্যত ৷ প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয় হয় বিশ্বকৰ্মা পূজা । এই উৎসৱ সাধাৰণতে কাৰখানা আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে ঘৰতো পালন কৰে । বিশ্বকৰ্মা পূজাত ঘৰত থকা সাধাৰণ চাইকেলখনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা অৰ্চনা কৰা হয় ৷

সমগ্ৰ দেশৰ লগতে আজি অসমতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ । গুৱাহাটী মহানগৰীত বিশ্বকৰ্মা পূজা উপলক্ষ্যে পুৱাৰে পৰা ব্যস্ততাময় পৰিবেশে বিৰাজ কৰিছে ৷ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন কাৰখানা, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰি যান-বাহনৰগৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে ।

Related Articles