Breaking

আজি বৰপেটা বাসীৰ দৌল মহোৎসৱৰ তৃতীয় দিন; উপলব্ধ পে পে পে পে আলু, ভাল পাই পেলালো অ’ আলু…

0 133

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ছয় মাৰ্চৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া দৌল মহোৎসৱৰ আজি দ্বিতীয় ভৰদৌল পালন কৰা হয়৷

নক্ষত্ৰ গণনাৰ ভিত্তিত কালি দুপৰীয়াৰ পৰা আৰম্ভ হোৱা গোঁসাইৰ গাত ফাকু দি আশীষ লোৱা পৰ্ব আজিও অব্যাহত আছে। আজিও পুৱাৰ পৰা বৰপেটা সত্ৰত অজস্ৰ লোকৰ সমাগম হয়।

ইয়াকে লৈ কেৱল সত্ৰ চৌহদেই নহয়, সমগ্ৰ বৰপেটাত বিৰাজ কৰিছে উখল মাখল পৰিৱেশ।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে জনায় যে কাইলৈ পুৱতি নিশা ৪.২০ বজাত ভৰদৌলৰ ক্ষণ শেষ হব। তাৰ লগে লগে কলীয়া গোসাই মহাপ্ৰভূক দৌলগৃহৰ পৰা নমাই অনা হব।

তাৰ পাছত আৰম্ভ হব ফাকুৱা পালনৰ ক্ষণ। উল্লেখযোগ্য যে কাইলৈ বৰপেটা সত্ৰত ফাকুৱা উৎসৱ পালন কৰা হ’ব। ফাকুৱা তথা হোলী পালনৰ মাজতে কাইলৈ বিয়লি গোঁসাইক বৰপেটা সত্ৰৰ পৰা গণকুছিৰ কলবাৰী সত্ৰলৈ হেকতা খুৱাবলৈ নিয়া হ’ব।

কলবাৰী সত্ৰৰ পৰা পুনৰ গোঁসাইক বৰপেটা সত্ৰলৈ ঘুৰাই অনাৰ পাছত সত্ৰৰ দালানত বাহ ভঙা পৰ্ব অনুষ্ঠিত হব। গোঁসাইৰ ভক্তসকলে বাহ ভঙাৰ পাছত পুনৰ গোঁসাইক সত্ৰৰ মূল উপাসনা স্থানত অধিস্থিত কৰা হ’ব।

কিন্তু বৰপেটাৰ হোলীৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে ইয়াত উপলব্ধ খাদ্য সম্ভাৰ। হোলীৰ সময়ত বৰপেটা সত্ৰৰ সমীপত অস্থায়ীভাৱে স্থাপন কৰা দোকানসমূহত পোৱা যায় বিভিন্নধৰণৰ সুস্বাদু খাদ্য। সোৱাদতকৈও এই খাদ্য সামগ্ৰীসমূহৰ নামে মানুহক অধিক আকৰ্ষণ কৰে৷

প্ৰতি বছৰৰ দৰে এইবাৰো বৰপেটাত দেখা গ’ল তেনে দৃশ্য। ৰঙা ডিমা–আলু ভাজিৰ উপৰি এইবাৰ বৰপেটাৰ হোলীত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে পে পে পে আলু, পতলী কমৰীয়া আলু আৰু ভাল পাই পেলালো অ’ আলুৱে। লগতে আছে জানমণি ডিমা।

Leave A Reply