Breaking

আজি “বিশ্ব দুগ্ধ দিৱস”

0 279

প্ৰতিবছৰে ১জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰা হয়৷ সংযুক্ত ৰাষ্ট্ৰৰ ‘ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে’ ২০০১ চনত পোন প্ৰথমবাৰৰ বাবে এই দিনটোক বিশ্ব দুগ্ধ দিৱস হিচাপে উদযাপন কৰিছিল৷

বিশ্বৰ জনসাধাৰণক গাখীৰৰ প্ৰয়োজনীয়তা সম্বন্ধে বাৰ্তা প্ৰেৰণ কৰাই হৈছে বিশ্ব দুগ্ধ দিসৱৰ মূল উদ্দেশ্য৷ গাখীৰ আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজনীয়, ইয়াৰ সেৱনৰ দ্বাৰা কেনেধৰণৰ লাভ পাব পাৰি, এইবোৰৰ বিষয়ে জনসাধাৰণক জনোৱা আৰু সজাগ কৰাৰ অৰ্থেই এই দিনটো পালন কৰা হয়৷

দৈনিক এগিলাচ গাখীৰ খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা শৰীৰটোক মুক্ত ৰাখিব পৰা যায়৷ গাখীৰ এনে এবিধ পুষ্টিকৰ খাদ্য, য’ত কেলচিয়াম, মেগনেচিয়াম, জিংক, ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-বি ১২, প্ৰ’টিন আদি পোৱা যায়৷ সকলো বয়সৰ ব্যক্তিৰ বাবে গাখীৰ অতি উত্তম৷

ইমিউনিটি বৃদ্ধি কৰা, মজবুত হাড়, ওজন নিয়ন্ত্ৰণ, ছাল আৰু চুলিৰ যতন, পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত গাখীৰ হৈছে অন্যতম কাৰক৷ গতিকে আজি বিশ্ব দুগ্ধ দিৱসৰ এই শুভ দিনটোত আমি সকলোৱে গাখীৰ সেৱনৰ জৰিয়তে শৰীৰ সু্‌স্থ আৰু সবল কৰি ৰখাৰ সংকল্প লওঁ আহক৷ অসমক দুগ্ধ খণ্ডত আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যৰে কাম কৰি আছে। এইক্ষেত্ৰত আৰু বিভিন্ন সময়োচিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি “বিশ্ব দুগ্ধ দিৱস”ত অসমত এক শ্বেত বিপ্লৱ সৃষ্টি কৰাৰ বাবে আমি সংকল্পবদ্ধ হওঁ আহক। —- এইদৰে কয় মন্ত্ৰী অতুল বৰাই ।

Leave A Reply