Breaking

আজি অনিমেষ হত্যাকাণ্ডৰ এবছৰ পূৰ্ণ হ’ল , ন্যায়ৰ অপেক্ষাত নীৰৱে চকুলো টুকিছে মাতৃয়ে…

0 111

আজি অভিশপ্ত সেই ২৯ নৱেম্বৰ। অনিমেষ ভূঞা হত্যাকাণ্ডই পাৰ কৰিলে এটা বছৰ।২০২১ বৰ্ষৰ আজিৰ দিনটোতেই যোৰহাটৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই। ৰজাঘৰীয়াই ন্যায়ৰ আশ্বাস দিছিল যদিওঁ কিন্তু অসাৰ হ’ল আশ্বাস-প্ৰতিশ্ৰুতি।

আজিও ন্যায়ৰ আশাত নীৰৱে চকুলো টুকিছে অনিমেষৰ দুৰ্ভগীয়া মাতৃয়ে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে ক’বলৈ গ’লে একোৱেই নহ’ল।আজিও অনিমেষৰ মাতৃৰ বুকুত জ্বলা জুইকুৰা আজিও নুনুমাল।

নীৰৱে পুত্ৰৰ শোকত চকুলো টুকিছে মাতৃয়ে।অনিমেষৰ মাতৃয়ে কয়, ‘ৰজাঘৰীয়াই তেতিয়া কোৱা ধৰণে একোৱেই নহল’। অনিমেষৰ ভাতৃৰ সংস্থাপনৰ বিষয় তল পৰিল। পৰিয়ালটো কেনেদৰে চলিছে তাক চাবলৈ কাৰোৰে আহৰি নাই।আনহাতে অনিমেষৰ ভাতৃয়েকয়, আজিৰ দিনত এখন চেকেৰে মৃত্যু কিনি লোৱা নিচিনা অৱস্থা হৈছে।

এবছৰৰ ভিতৰতে ন্যায়ৰ মিছা আশ্বাস দি বাহঃ বাহঃ লোৱা চৰকাৰৰ মতে আজিও সম্পূৰ্ণ হোৱা নাই এটা বছৰ। কেতিয়াকৈ ন্যায় পাব দূৰ্ভগীয়া পৰিয়ালটোয়ে সেয়া যেন আজিও অবুজ সাঁথৰ।

Leave A Reply