মহাষ্টমী পূজাৰ উদুলি মুদুলিৰ পৰিবেশ বালিচাঙত

বিশ্বনাথ বালিচাঙত মহাষ্টমী পুজাত ভীৰ বাঢ়িছেহি ভক্ত তথা দৰ্শনাৰ্থীৰ ৷পুৱা ভাগৰ পৰাই দেৱী দুৰ্গাৰ পুজা অৰ্চনা কৰাৰ সমান্তৰালকৈ দেৱীৰ চৰণত ভক্ত সকলে সুখ শান্তি সমৃদ্ধি আৰু নিজৰ মনোকামনা পুৰণৰ বাবে ধুপ দীপ নৈবেদ্যৰে পুজা সেৱা কৰা পৰিলক্ষিত হৈছে ৷

জন সমাগম যথেষ্ট হোৱা পুজাথলীত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ ৰংমেলাতো মানুহৰ লানি নিছিগা ভীৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভাষাভাষীৰ লোক সমবেত হোৱা বালিচাঙৰ দুৰ্গা পুজাই সমন্বয়ৰ এক সুকীয়া স্বাক্ষৰ বহন কৰিছে ৷

Related Articles