Breaking

আজিৰ প্ৰজন্মই প্ৰশ্ন কৰাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব ! কৰা উচিত…

0 34

আজিৰ প্ৰজন্মই প্ৰশ্ন কৰাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব! কৰা উচিত!

দীপাঙ্কৰ ওজা
ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়

আজিৰ প্ৰজন্ম সামাজিক-ৰাজনৈতিক, অৰ্থনৈতিকভাৱে সচেতন। আজিৰ প্ৰজন্ম বৌদ্ধিকভাৱে সবল। সমাজখনক এক নতুন ধৰণে বিচাৰ-বিশ্লেষণ কৰি চাবলৈ সক্ষম আৰু সামৰ্থবান লগতে ভৱিষ্যত সমাজখনৰ ৰূপৰেখা সম্পৰ্কে সচেতন।

সমাজখনত ঘটি থকা প্ৰতিটো উত্থান-পতনৰ সাক্ষী হোৱাৰ লগতে এই সন্দৰ্ভত গভীৰভাৱে চিন্তা-চৰ্চা কৰাৰ এক পৰিৱেশ নিৰ্মাণ কৰিব লাগিব এই প্ৰজন্মটোৱে। সেয়ে গণতান্ত্ৰিক দেশৰ দায়বদ্ধ নাগৰিক হিচাপে প্ৰশ্ন কৰাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগিব আজিৰ প্ৰজন্মই।

আজিৰ প্ৰজন্মই সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটৰ ওপৰত প্ৰশ্ন কৰিব। আজিৰ প্ৰজন্মই অৰ্থনৈতিক উত্থান-পতনৰ ওপৰত প্ৰশ্ন কৰিব।ৰাজনৈতিক মূল্যবোধৰ ওপৰত প্ৰশ্ন কৰিব। প্ৰশ্ন কৰিব সুৰক্ষিত ভৱিষ্যতৰ নিৰাপত্তাৰ ওপৰত। প্ৰশ্ন কৰিব শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু নীতিসমূহৰ প্ৰাসংগিকতা আৰু গুৰুত্বৰ ওপৰত। আজিৰ প্ৰজন্মই প্ৰশ্ন কৰিব সেৱা সমূহৰ উপলদ্ধিতা আৰু ব্যৱস্থাপনাৰ ওপৰত। আজিৰ প্ৰজন্মই প্ৰশ্ন কৰিব তেওঁলোকক প্ৰতিনিধিত্ব কৰি অহা মানুহখিনিৰ কাম-কাজ আৰু ভূমিকাৰ ওপৰত। আজিৰ প্ৰজন্মই প্ৰশ্ন কৰিব, আৰু এনেধৰণৰ প্ৰশ্ন কৰাৰ প্ৰাসংগিকতা আছে।

দীপাঙ্কৰ ওজা
ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়
যোগাযোগ :- ৯৩৯৪৭৪৩৮৯৮

Leave A Reply