Breaking

বিলাহী, আদা, নহৰু; জলকীয়া টোপোলালৈ কংগ্ৰেছৰ প্ৰতিবাদ…

0 62

বিলাহী, আদা, নহৰু; জলকীয়ালৈ কংগ্ৰেছৰ প্ৰতিবাদ! শাক-পাচলিৰ মূল্য বৃদ্ধিৰ ওপৰত কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে কয় যে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি চম্ভালিব পৰা নাই। কংগ্ৰেছে কৈছিল যে এতিয়া শাক-পাচলি উপহাৰ হিচাপে দিব পাৰি কাৰণ ইয়াৰ দাম দিনক দিনে বাঢ়িছে। কংগ্ৰেছৰ হৈ দলৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে সংবাদমেল সম্বোধন কৰি কয়, ‘মই এটা উপহাৰৰ টোপোলা লৈ আহিছো। ইয়াত এক কেজি বিলাহী, এক কেজি আদা, এক কেজি নহৰু আৰু এক কেজি জলকীয়া আছে। টোপোলাটোত আছে ১০৭০ টকাৰ সামগ্ৰী। বিয়াৰ বতৰত উপহাৰ হিচাপে দিব পাৰিব এই সামগ্ৰী সমূহ।

শ্ৰীনেটে জনোৱা মতে, দেশত ১৫০ৰ পৰা ১৬০ টকাকৈ বিলাহী বিক্ৰী কৰা হৈছে। আদা কিলো ৪০০ লৈ বাঢ়িছে। আগতে বিনামূলীয়াকৈ দিয়া জলকীয়া কেজি ৪০০ টকালৈ পাইছে। তেওঁ কয় যে চৰকাৰে সকলো জানে। কেৱল বৰষুণৰ বাবেই এনে হোৱা নাই, পৰিবহণৰ খৰচ বৃদ্ধি হৈছে, পৰিস্থিতি চম্ভালিব পৰা নাই চৰকাৰে।

শ্ৰীনেটে দাবী কৰা মতে, আগতে ৭২ৰ পৰা ৭৫ টকাকৈ পোৱা দাই এতিয়া ১৬০ৰ পৰা ১৭০ টকা হৈছে। এমাহত উৰাদ দাইলৰ মূল্য ৩০ টকালৈ বৃদ্ধি। তেওঁ আৰু কয় যে জিৰাও প্ৰতি কেজিত ৮০০ টকা। এনে পৰিস্থিতিত শাক-পাচলি আৰু দাইলৰ লগতে মছলাৰ দামও বৃদ্ধি পাইছে।

Leave A Reply