বিলাহীৰ আছে বহু জটিল ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা……

আলুৰ পিছতে সৰ্বাধিক প্ৰচলিত পাচলি বিধেই হৈছে বিলাহী। অসমীয়া সমাজত বিলাহী আৰু মাছৰ তৰকাৰীৰ কথাটো ক’বয়ে নালাগে।

বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমানে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম,লো, কেলছিয়াম পোৱা যায়।

কিন্তু ৰান্ধিলে এই ভিটামিন অলপ হ’লেও হ্ৰাস পায়। সেয়েহে কেঁচাই বিলাহী খুৱাটো বেছি উপকাৰী।

পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। বিলাহীৰ বহুতো ঔষধি গুণ আছে।

ঔষধি গুণেৰে পৰিপূৰ্ণ এই বিলাহীয়ে আমাৰ শৰীৰতনো কেনেদৰে উপকাৰ সাধন কৰে ?

বিলাহীয়ে জণ্ডিছ ৰোগ দূৰ কৰে।

বিলাহীয়ে শৰীৰৰ বৰণ উজ্বল আৰু পৰিষ্কাৰ কৰে।

বিলাহীয়ে স্তন কেঞ্চাৰ প্ৰতিৰোধ কৰে।

বিলাহীয়ে ছালৰ খজুতি ৰোগ দূৰ কৰে।

বিলাহীয়ে কুকুৰীকণা ৰোগ প্ৰতিহত কৰে।

বিলাহীয়ে শ্বেতৰক্ত কণিকা সুৰক্ষিত কৰাৰ লগতে কিডনি পৰিস্কাৰ কৰি ৰাখে।

বিলাহীত থকা পʼটেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

Related Articles