Breaking

বিলাহীৰ ভিটামিন চি এ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে…

0 46

বিলাহীত থকা ভিটামিন চি এ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ইমিউনিটি শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়, এনে পৰিস্থিতিত বিলাহীৰ ৰস খোৱাটো এটা উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বিলাহী নিয়মিতভাৱে সেৱন কৰিব লাগে। বেছিভাগ মানুহৰে বছৰটোত চৰ্দি, কাহত আক্ৰান্ত হয়। এনে লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল আৰু এই বাবেই ঋতুভিত্তিক ৰোগৰ দ্বাৰা সহজে আক্ৰান্ত হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে, বিলাহীত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বিলাহীত ভিটামিন এ আৰু ভিটামিন চি, আঁহ, ফ’লেট আৰু কেলচিয়ামৰ দৰে বহুতো উপকাৰী উপাদান থাকে, যিয়ে শৰীৰত এণ্টি-অক্সিডেন্ট হিচাপে কাম কৰে। বিলাহী ৰস নিয়মিতভাৱে খালে বহু ৰোগৰ পৰা আঁতৰি থাকিব…

১) বিলাহীৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
২) নিয়মিতভাৱে সেৱন কৰিলে চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব।
৩) বিলাহীৰ ৰস সেৱন কৰিলেও হাড় মজবুত হোৱাত সহায় হয়।
৪) মহিলাৰ বাবে বিলাহীৰ ৰস খালে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
৫)বিলাহীৰ ৰসে শৰীৰক শক্তি প্ৰদান কৰে, যাৰ বাবে আপুনি ভাগৰুৱা নহয়।


Leave A Reply