Breaking

টংলা কবি সন্মিলনৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যু তিথি পালন

0 97

ওদালগুৰি জিলাৰ এক কাব্য আন্দোলন টংলা কবি সন্মিলনৰ উদ্যোগত আৰু বতিয়মাৰী জ্যোতি স্মৃতি সংঘৰ আতিথ্যত “শইচৰ পথাৰ মানুহ” শীর্ষক এটি কাব্য আবেলি কথা, কবিতা ,গীত নৃত্যৰে এক বৰ্ণিল অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যু তিথিৰ লগতে গণশিল্পী সুদক্ষিণা শৰ্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

উক্ত অনুষ্ঠান সাহিত্য সাধক হৰেশ্বৰ কলিতা, সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰী, শিক্ষাবিদ দেৱজিৎ কুমাৰ ডেকা, কবি অৰ্জুন দাস, জয়ন্ত দাস, সমাজ সেৱক পুষ্পৰাম নাথক সম্বৰ্ধনা জনোৱা হয়।

-অৰূপ বড়ো, টংলা

Leave A Reply