Breaking

আৰক্ষী বিষয়া জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন টংলা আঞ্চলিক ৰাভা ছাত্র সন্থাৰ…

0 128

‘অসম কঁপাই যোৱা সুদক্ষ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ দুৰ্ঘটনা যে স্বাভাৱিক দুৰ্ঘটনা নহয় এয়া বৰ্তমানো ৰহস্য আৱৰ্তত। ইতিমধ্যে চিবিআই তদন্ত ঘোষণা কৰা হৈছে।এই তদন্তক ৰাইজে আদৰণি জনাইছে ।এই তদন্ত যাতে নিৰপেক্ষ হয় ,তাৰে আশা কৰিছে ৰাইজে। অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম’-এই ঘোষণা ৰাভা গণমঞ্চৰ সভাপতি জয়ন্ত ৰাভাৰ।বেংগলী ফেডাৰেচনৰ নেতা শ্যামল সৰকাৰেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি চৰকাৰে আৰক্ষী বিষয়া জোনমনি ৰাভাৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।

টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অৰমজিৎ ৰাভাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য বন্তি প্ৰজ্বলক জয়ন্ত ৰাভা ,আক্ৰাছু’ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ ,জিলা সভাপতি মিন্টু বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টংলা আঞ্চলিকৰ সম্পাদক উমেশ ডেকা ,এবছু’,টংলা সাহিত্য সভা ,টংলা আঞ্চলিক বেংগলী ফেডাৰেচন ,কৃষক মুক্তি সংগ্ৰাম সমিতি ,টংলা মহাবিদ্যালয়ৰ প্ৰবক্তা নৃপেন বড়ো ,হেমন্ত ৰাভা ,ওদালগুৰি ৰত্ন ধৰণীধৰ মেধি ,ওদালগুৰি জিলা ৰাভা সন্থাৰ সম্পাদক ৰাজীৱ ৰাভা ,আৰছু’ৰ কেন্দ্ৰীয় নেতা সমৰেন্দ্ৰ ৰাভা ,ৰাভা জাতীয় পৰিষদৰ নেতা প্ৰফুল্ল ৰাভা ,ৰাভা মহিলা পৰিষদ ,ৰাভা সাহিত্য সভা ,ৰাভা জাতীয় পৰিষদ ,টংলা নগৰৰ বিশিষ্ট ব্যৱসায়ী ,নাগৰিক ,বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে।জোনমনি ৰাভাৰ বিদেহ আত্মাৰ সাদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply