Breaking

মালয়ালম গীতত অভিনয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে টংলাৰ পূষাণ ভৰদ্বাজে

0 2,300

 ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৰজলাহৰ নিবাসী পিতৃ অনন্ত নাৰায়ণ ভট্টাচাৰ্য্য আৰু মাতৃ ভানু দেৱীৰ পুত্ৰ পূষাণ ভৰদ্বাজে টংলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ভৰদ্বাজে ওদালগুৰি জিলাৰ পৰা প্ৰথম যুৱ মডেল হিচাপে ২০১৫ চনৰ পৰা মডেলিং জগতত খোজ পেলাই অৰুণাচলত অনুষ্ঠিত নৰ্থইষ্ট ইণ্ডিয়া ফেশ্বন উইক, ইষ্ট ইণ্ডিয়া ফেশ্ব‍ন উইক, নৰ্থইষ্ট কেলেণ্ডাৰ মডেলৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি সুনাম কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পূষাণ ভৰদ্বাজে মিষ্টাৰ অৰুণাচল ২০২১ৰ গ্ৰুমিং গুৰু হিচাপে কাম কৰে। তেখেতে মহিলা সবলীকৰণৰ গুৰুত্বৰে বিশেষকৈ যুৱতী শিপিনী সকলকলৈ তথা নৱপ্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে টংলাত মিষ্টাৰ আৰু মিছ এলিগেন্ট নামেৰে থলুৱা সাজপাৰৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰাৰ লগতে ২০১৭ চনত টংলাত প্ৰাৰম্ভ ইভেন্ট নামেৰে এটা গ্ৰুপৰ জন্ম দিয়ে। আনহাতে ভৰদ্বাজে বিভিন্ন অসমীয়া, হিন্দী, অৰুণাচলীৰ লগতে দক্ষিণ ভাৰতৰ মালয়ালম গীতৰ ভিডিঅ’ত অভিনয় কৰে। ইপিনে জনপ্ৰিয় অসমীয়া ৰং চেনেলত সম্প্ৰচাৰিত দুখনকৈ ধাৰাবাহিক গোলমাল আৰু অহা ২০২২ চনৰ মাৰ্চ মাহৰ পৰা সম্প্ৰচাৰ হ’বলগীয়া চেগুন পাতৰ কুঁহি নামৰ ধাৰাবাহিকত অভিনয় কৰে পূষাণ ভৰদ্বাজে। ইতিমধ্যে তেখেতে এনে বিভিন্ন কৰ্ম তথা অভিনয়ৰ জৰিয়তে অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱাৰ লগতে টংলাবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ এই যাত্ৰা অটুট ৰখাৰ লগতে ভৱিষ্যতে আৰু অধিক সফলতা অৰ্জনৰ বাবে সমূহ টংলাবাসী আৰু অসমবাসীৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদৰ লগতে মৰম বিচাৰে মডেল তথা অভিনেতা পূষাণ ভৰদ্বাজে।

Leave A Reply