গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী, ২০২৫: TOPCEM SDC Cement । উত্তৰ পূব ভাৰতৰ অন্যতম প্ৰসিদ্ধ চিমেন্ট উৎপাদক টপচেম চিমেন্ট-এ আজি গুৱাহাটীত এক বিশেষ অনুষ্ঠানত টপচেম এচ ডি চি এফ টি আৰ++ চিমেন্ট উন্মোচন কৰে। মেঘালয় চিমেন্ট লিমিটেড-ৰ বিক্ৰী আৰু বিপণনৰ জেষ্ঠ্য অধ্যক্ষ ড° অনিল কাপুৰে আনুষ্ঠানিকভাৱে নতুন এই চিমেন্টটো মুকলি কৰে। নতুন এই চিমেন্টটোত অন্তর্ভুক্ত কৰা হৈছে স্মাৰ্ট মিক্স টেকনোলজি, যি শক্তি দক্ষতা, স্থায়িত্ব আৰু গুণগত মান বৃদ্ধিৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছে।
এই অনুষ্ঠানত মেঘালয় চিমেন্ট লিমিটেড-ৰ কাৰিকৰী আৰু নন-ট্ৰেড বিভাগৰ জেষ্ঠ্য মহাপ্রবন্ধক শ্ৰী জয়দীপ নাথৰ লগতে কোম্পানীটোৰ জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে। টপচেমৰ নতুন চিমেন্ট এই অঞ্চলৰ নির্মাণ খণ্ডত এক গুরুত্বপূর্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

স্মাৰ্ট মিক্স টেকনোলজিৰ বিশেষত্ব
টপচেম এচ ডি চি এফ টি আৰ++ চিমেন্টত ব্যৱহাৰ কৰা স্মাৰ্ট মিক্স টেকনোলজি শক্তি সঞ্চয়, স্থায়িত্ব আৰু গুণগত মান বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। এই চিমেন্ট বিশেষকৈ ফাট মেলা প্ৰতিহত কৰিবলৈ সক্ষম, যাৰ ফলত গাঁথনি অধিক স্থায়ী আৰু শক্তিশালী হৈ থাকে। আনুপাতিকভাৱে হ্ৰাস পায় কাৰ্বন নিগ্ৰহণৰ হাৰ, যিয়ে পৰিবেশীয় সুস্থতাৰ ক্ষেত্ৰত আগ্ৰণী ভূমিকা পালন কৰে।
উল্লেখ্য যে, এই চিমেন্ট বহুমুখী গুণগত বৈশিষ্ট্যৰ বাবে ভেটি, খুঁটা, শ্লেব আৰু আন আন্তঃগাঁথনিমূলক কামত সমানভাৱে কার্যকৰী হ’ব।
উদ্ভাৱনমূলক এই প্ৰডাক্ট উন্মোচন উপলক্ষে ড° অনিল কাপুৰে কয়, “টপচেম এচ ডি চি এফ টি আৰ++ কেৱল চিমেন্ট নহয়, ই এক আধুনিক যুগৰ গাঁথনিৰ ভিত্তি। শক্তি, স্থায়িত্ব আৰু পৰিবেশ বান্ধৱ গুণাগুণৰ লগত গৃহ নিৰ্মাণ ক্ষেত্ৰত এই চিমেন্ট নতুন দিশ দেখুৱাব। স্মাৰ্ট মিক্স টেকনোলজিৰ সহায়ত টপচেমে নিৰ্মাণ খণ্ডৰ টেকসই উন্নয়নলৈ আগবঢ়াৰ এক সফল প্রচেষ্টা কৰিছে।”
জয়দীপ নাথে এই সম্পৰ্কে কয়, “আমাৰ লক্ষ্য আছিল শক্তিশালী, স্থিৰ আৰু পৰিবেশ-অনুকূল সামগ্ৰী উপভোক্তালৈ আগবঢ়োৱা। টপচেম এচ ডি চি এফ টি আৰ++ সেই উদ্দেশ্য সফলভাৱে পূৰণ কৰিব।”

নতুন আশা নতুন দিশ
উত্তৰ পূব ভাৰতত গাঁথনিৰ ক্ষেত্ৰত যিবিলাক আধুনিকীকৰণ আৰু টেকসই উন্নয়ন ঘটিছে, টপচেমৰ এই নতুন চিমেন্ট সেই পথত এক গুৰুত্বপূর্ণ সংযোজন হিচাপে বিবেচিত হ’ব। শক্তিশালী, স্থিৰ আৰু ব্যয়সাপেক্ষ এই চিমেন্ট চৌপাশে ইতিবাচক প্ৰতিধ্বনি সৃষ্টি কৰিছে।
টপচেম এচ ডি চি এফ টি আৰ++ — আধুনিক গাঁথনিৰ ভেটি, টেকসই উন্নয়নৰ প্ৰতিশ্ৰুতি।

