এডভাণ্টেজ আছাম ২.০ৰ পূৰ্বে গুৱাহাটী হোটেল উদ্যোগৰ সৈতে পৰ্যটন মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক । Advantage Assam 2.0

দিছপুৰ, ১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ Advantage Assam 2.0 । মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বহু প্ৰত্যাশিত “এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন, ২০২৫” ৰ পূৰ্বে আজি পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে গুৱাহাটীৰ পঞ্চতাৰকা হোটেলকে ধৰি অন্যান্য হোটেলৰ প্ৰৱন্ধক, পৰিচালক তথা বিষয়ববীয়াসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উক্ত বৈঠকত মন্ত্ৰী দাসে এডভাণ্টেজ আছাম ২.০ৰ বাবে গুৱাহাটীলৈ অহা সকলো দেশী-বিদেশী প্ৰতিনিধি তথা বিনিয়োগকাৰীসকলক আতিথ্যপূৰ্ণ সেৱা আগবঢ়াই অসমৰ ওপৰত তেওঁলোকে যাতে এক বিশেষ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে তাৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

আতিথ্য খণ্ড পৰ্যটন খণ্ডৰ এক অন্যতম অংশীদাৰ বুলি উল্লেখ কৰি মন্ত্ৰী দাসে ভাৰতীয় পৰম্পৰাত থকা ‘অতিথি দেবো ভব’ মনোভাৱেৰে সকলোকে উৎসৰ্গিত সেৱা আগবঢ়াবলৈ আহ্বান জনায়। অসমৰ জনসাধাৰণ অতীজৰে পৰা অতিথি পৰায়ণ বুলি উল্লেখ কৰি তেওঁ হোটেলৰ সকলোকে উৎকৃষ্ট সেৱা আগবঢ়াই প্ৰতিনিধি সকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ পদক্ষেপ লবলৈ আহ্বান জনায়। হোটেল ব্যৱসায়ী সকলো এডভাণ্টেজ আছাম ২.০ৰ এক অন্যতম অংশ তথা প্ৰমোটাৰ বুলি উল্লেখ কৰি তেওঁ হোটেলৰ সকলো কৰ্মচাৰীক লৈ এই সম্বন্ধে এক বিশেষ আলোচনা কৰাৰ উদ্যোগ লবলৈও হোটেলৰ পৰিচালক সকলক আহ্বান জনায়। অসমৰ পৰ্যটন খণ্ডৰ বিশেষ প্ৰচাৰৰ বাবে বিভাগে প্ৰস্তুত কৰা পুষ্টিকা, ভিডিঅ’ আদি হোটেলৰ ল’বিত উপলব্ধ কৰোৱাৰ বাবেও তেওঁ উপদেশ দিয়ে যাতে ৰাজ্যখনৰ বিভিন্ন পৰ্যটনৰ স্থানসমূহৰ বিষয়ে তেওঁলোক ভালদৰে অৱগত হ’ব পাৰে।


বৈঠকত হোটেল ব্যৱসায়ৰ লগত জড়িত প্ৰৱন্ধক, পৰিচালক সকলেও এডভাণ্টেজ আছাম ২.০ বাবে গুৱাহাটীলৈ অহা প্ৰতিনিধি তথা বিনিয়োগকাৰীসকলক ভালদৰে আদৰাৰ বাবে তেওঁলোক ইতিমধ্যে সাজু হৈছে বুলি মত প্ৰকাশ কৰে।
অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আদৰণী ভাষন প্ৰদান কৰা আজিৰ এই বৈঠকত অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ কুমাৰ দাস ,পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী, মহাপ্ৰৱন্ধক ভাস্বৰ বৰুৱাৰ লগতে গুৱাহাটীৰ ৩৭ খন হোটেলৰ সঞ্চালক, পৰিচালন সঞ্চালক, প্ৰৱন্ধক আৰু সহকাৰী প্ৰৱন্ধকসকলে অংশ গ্ৰহণ কৰে।

Related Articles