মিচিং জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে,কোনো এখন চৰকাৰে কৰিব নোৱাৰা কাম বৰ্তমানৰ ৰাজ্য চৰকাৰে কৰি দেখুওৱাইছে: টি এম পি কে
গোগামুখ আবতানি লত্তাত মিচিং তিনি জাতীয় সংগঠনৰ সংবাদ মেল
৭ জানুৱাৰীত অসম কেবিনেটত মিচিং, ৰাভা আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা প্ৰদান কৰাৰ সিদ্ধান্তক ধন্যবাদ জনাইছে TMPK, MMK আৰু TMMK তিনিওটা মিচিং জাতীয় সংগঠনে। মিচিং জনগোষ্ঠীৰ কলা-সংস্কৃতি, শৈক্ষিক আর্থ-সামাজিক তথা সৰ্বতোপ্ৰকাৰৰ উন্নয়ণৰ উদ্দেশ্যে গঠন কৰা মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদানৰ বাবে আজি বছৰ বছৰ ধৰি TMPK, MMK আৰু TMMK মিচিং জাতীয় সংগঠনৰ নেতৃত্বত মিচিং জনগোষ্ঠীৰ ৰাইজে ৰাজপথৰ আন্দোলনৰ পৰা আৰম্ভ কৰি সংসদীয় আন্দোলন কৰি আহিছে যদিও পূৰ্বৰ কোনো এখন চৰকাৰে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাছিল ৷ প্ৰতিটো চৰকাৰে প্রতিশ্রুতি প্রদান কৰিয়েই দায়িত্ব সামৰিছিল। তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰে পৰা কোনো এখন চৰকাৰে মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনোৱা নাছিল।কিন্তু ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন বৰ্তমানৰ বিজেপি চৰকাৰে মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্রতি সন্মান জনাই মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা প্ৰদান কৰা বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব প্রদানেৰে ৭ জানুৱাৰীত অনুষ্ঠিত কৰা অসম

কেবিনেটৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰি মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা প্ৰদানৰ বাবে কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ পৰামর্শ প্রেৰণৰ যি ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিলে তাক সমগ্র মিচিং জনগোষ্ঠীৰ হৈ TMPK, MMK আৰু TMMK তিনি মিচিং জাতীয় সংগঠনে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম
কেবিনেটক সংবাদ মেলযোগে ধন্যবাদ জনাই।উল্লেখযোগ্য যে সাংবিধানিক মৰ্যদা প্ৰদানৰ বাবে অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ উদ্যোগত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিচিং জাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া দাবীক কেইবালানি উচ্চ পর্যায়ৰ আলোচনাৰ ফলশ্রুতিতে মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মর্যদা বাস্তব দিশে অগ্ৰসৰ হৈছে বুলি সংবাদ মেলত ব্যক্ত কৰে। তদুপৰি বৰ্তমান মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ৩৬ খন পৰিষদীয় সমষ্টিৰ পৰা ৪৫ খন পৰিষদীয় সমষ্টি বৃদ্ধিৰ বাবেও কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি সংবাদ মেলৰ জড়িয়তে জানিবলৈ দিয়ে।
ইয়াৰোপৰি এম এম কেৰ সাধাৰণ সম্পাদক পুৰোষোত্তম দলেই সংবাদ মেলত স্পষ্টভাৱে ব্যক্ত কৰে যে,যি চৰকাৰে মিচিং জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰতি সহাৰি জনাইছে আমি সেই চৰকাৰৰ সমৰ্থনতেই থকাৰ কথা উল্লেখ কৰে আৰু সাংবিধানীক মৰ্যদাৰ প্ৰস্তাৱত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তিটিৰ বিষয়টোক বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে । আজিৰ বিশেষ গুৰুত্বপূৰ্ণ সংবাদ মেলত উপস্থিত থাকে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল পেগু, সাধাৰণ সম্পাদক পুৰুষোত্তম দলে,টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান দঃঞি পাংগিং, টি এম এম কেৰ উপ-সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগুৰ লগতে তিনি মিচিং জাতীয় সংগঠনৰ নেতৃবৃন্দ।

