Breaking

টীয়ক সোণাৰী মিচিং গাঁৱত উদযাপন নহয় আলি আয়ে লৃগাং

0 2,031

আলি আয়ে লৃগাংৰ দিনাই টীয়কৰ এখন গাঁৱত এক ব্যতিক্ৰমী দৃশ্য । হাতে হাতে দা,কোৰ,বাঁহ আদি লৈ গাঁওবাসী ব্যস্ত হৈ পৰিছে গৃহ নিৰ্মানৰ কামত ।এইবাৰ যোৰহাট জিলাৰ টীয়ক সোণাৰী মিচিং গাঁৱৰ ৰাইজে উদযাপন কৰা নাই আলি আয়ে লৃগাং । অৱশ্যে সিদ্ধান্ত কৰিছিল আলি আয়ে লৃগাং দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ ।কিন্তু যোৱা ১১ ফেব্ৰুৱাৰীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত চাৰিটাকৈ বাসগৃহ জুইত জাহ যোৱাত এক দুৰ্যোগৰ সন্মুখীন হয় পৰিয়াল কেইটা । পৰিয়াল কেইটাৰ দুৰ্যোগৰ সমভাগী হৈ আলি আয়ে লৃগাংৰ সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ এই পবিত্ৰ দিনটোত গাঁও খনৰ সকলো সমবেত হৈ জুইত জাহ যোৱা পৰিয়ালকেইটা থাকিব পৰাকৈ অস্থায়ী ভাবে গৃহ নিৰ্মাণ কৰিবৰ বাবে শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰে ‌আৰু আলি আয়ে লৃগাং উদযাপনৰ বাবে সংগৃহীত সকলো ধন পৰিয়াকেইটালৈ আগবঢ়াই গাঁও বাসীয়ে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিৰ্দশন ।

Leave A Reply