ধুবুৰীস্থ গোৱালপাৰা ডাক সংমণ্ডল উদ্যোগত বাণিজ্য মেলা

বিগত বিত্তীয় বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শন কৰা হয় ডাকঘৰ, কৰ্মচাৰীৰ লগতে ডাক জীৱন বীমাৰ এজেণ্ট আৰু ক্ষুদ্ৰ সঞ্চয়ৰ এজেণ্টসকল পুৰস্কৃত কৰা হয়। উল্লেখযোগ্য যে বিগত বিত্তীয় বৰ্ষত গোৱালপাৰা ডাক সংমণ্ডলে একানব্বই হেজাৰটা নতুন একাউণ্ট আৰু  ঊনত্ৰিশ কোটি টকাৰ ডাক জীৱন বীমাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়। তদুপৰি পয়সত্তৰতম স্বাধীনতা দিৱস উপলক্ষে অসম ডাক চাৰ্কোলে চলোৱা বিশেষ অভিযানত নহেজাৰৰো অধিক একাউণ্ট খুলি অসমৰ ভিতৰতে প্ৰথমস্থান লাভ কৰিবলৈ সক্ষম হয়। আজিৰ সভাৰ প্ৰধান উদ্যোক্তা আছিল ডাক অধীক্ষক দেৱৰাজ শেঠী ডাঙৰীয়া। ধুবুৰীৰ সহকাৰী ডাক অধীক্ষক পল্লভ হাজৰিকা, কোকৰাঝাৰৰ ডাক পৰিদৰ্শক খাংগেমবাম লেইবাকমাচা আৰু গোৱালপাৰা মুখ্য ডাকঘৰৰ পোষ্টমাষ্টাৰ জ্যোতিষ চন্দ্ৰ ৰাভা আৰু বঙাইগাঁও মুখ্য ডাকঘৰৰ পোষ্টমাষ্টাৰ জয়দেৱ কৰ্মকাৰ উক্ত  সভাত উপস্থিত থাকে।

Related Articles