মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈত পৰম্পৰাগত নাওঁ খেলৰ প্ৰতিযোগিতা,নাওঁ খেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে- লোকাৰণ্য পাগলাদিয়াৰ পাৰ…

নামনি অসমৰ জনপ্ৰিয় খেল হিচাপে জনাজাত নাওঁ খেল। মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈৰ পাৰত নাওঁ খেল চাবলৈ সমাগম হ’ল হাজাৰ হাজাৰ দৰ্শক।

আদাবাৰীত পাগলাদিয়া নৈৰ বুকুত অনুষ্ঠিত হৈছে পৰম্পৰাগত নাওঁ খেলৰ প্ৰতিযোগিতা। আদাবাৰী মুক্তি সংগ্ৰাম যুৱক সংঘৰ উদ্যোগত আৰু আদাবাৰী-সূতাৰকুছি গাওঁৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিছে এই নাওঁ খেল প্ৰতিযোগিতাখন। পাগলাদিয়া নৈত অনুষ্ঠিত কৰা নাওঁ খেল প্ৰতিযোগিতা খনত ভিন্ন প্ৰান্তৰ 12 টা নাওঁ খেলৰ দলে অংশগ্ৰহণ কৰে।

নাওঁ খেল প্ৰতিযোগিতা খনৰ আকৰ্ষণীয় ফাইনেল খেল খনত অংশ গ্ৰহণ কৰে “জোনবাই” আৰু “দীন দয়াল” নামৰ নাওঁ খেলৰ দল দুটাই। প্ৰতিযোগিতাৰ ফাইনেল খেলত জয়লাভ কৰি প্ৰতিযোগিতা খনৰ খিতাপ অৰ্জন কৰে “দীন দয়াল” নামৰ নাওঁৰ দলটিয়ে।

উল্লেখযোগ্য যে- অঞ্চলটোত নৱ প্ৰজন্মক ড্ৰাগছৰ পৰা ৰক্ষা কৰি খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য নাওঁ খেল অনুষ্ঠিত কৰা বুলি উল্লেখ কৰে আয়োজক সমিতিয়ে। অঞ্চলটোত নাওঁ খেলৰ বাবে আছে বিশেষ সুনাম। সেয়েহে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে পৰম্পৰাগত নাওঁ খেল। নাওঁ খেল উপভোগ কৰি আনন্দিত হৈ পৰে হাজাৰ হাজাৰ দৰ্শক।

Related Articles