Traditional farming: অসমৰ চহা জীৱনৰ নাঙল, জুঁৱলি মৈৰ সৈতে গৰুহাল যেন পাহৰণিৰ গৰ্ভত !

ব’হাগৰ পৰাই খেতি চহাবলৈ আৰম্ভ কৰে। (Traditional farming) জেঠ-আহাৰ-শাওণ এই মাহকেইটা পথাৰত বৰ ব্যস্ত হৈ পৰে চহা লোকসকল। হালৰ গৰুহাল, নাঙল, মৈ, জুঁৱলি আৰু কোৰখনৰ সৈতে পথাৰত ব্যস্ত হৈ পৰে খেতিয়কসকল। খেতিয়কসকল বুলি ক’লে ভূল হ’ব, এই মাহকেইটা পথাৰত আনন্দৰ মনেৰে সৰুৰ পৰা ডাঙৰলৈকে সকলো ব্যস্ত হৈ পৰে মাটি চহোৱা কামত। পুৱতি নিশাই হালখন লৈ পথাৰলৈ যোৱা, ৬-৭ মান বজাত তেওঁলোকলৈ বুলি লৈ যোৱা জলপানৰ টোপোলাটো; আনন্দ মনেৰে ভগাই খাই কাষৰতে মাটি চহাই থকাজনকো মাতি। কল্পনা কৰকচোন আপুনিও এনেখন গাঁও, এনে এখন পথাৰ। মাটি চহোৱাৰ অন্তত কঠিয়া ৰুৱাত ব্যস্ত হৈ পৰে ৰোৱনীসকল। গান গাই, আনন্দমনেৰে শাওণৰ পথাৰত বৰষুণত তিতি কেঁচা মাটিৰ গোন্ধ লৈ কঠিয়া ৰুৱা সেই দৃশ্য আপোনোলোকে দেখিছেনে?

এই কাহিনী অতীজৰ। বৰ্তমান এনে পৰিৱেশ নাই। এতিয়া গাঁঞে-ভূঁঞে আপুনি হালৰ গৰু দেখিবলৈ নাপাই। পথাৰখন খালি হৈ গ’ল। গৰু স্থান টেক্টৰে ল’লে। ৰুৱনীসকলো নাই। ন-ভূঁইৰ সেই সোৱাদ হয়তো আজিৰ চামে বুজি নাপাব।

হয়তো এতিয়াও কিছু কিছু ঠাইত এনে পৰিৱেশ এতিয়াও আছে। যদি আপোনাৰ অঞ্চলৰ পথাৰত গৰুৱে হাল বোৱা দৃশ্য দেখে তেনেহ’লে কমেণ্ট বক্সত জনাব।

Related Articles