কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত (Traditional Farming) সেউজীয়াৰ সপোন ৰচিছে চহা অসমীয়াই। বৰষাই বোকা কৰা মাটিত প্ৰাণ পোৱা মুঠি মুঠি কঠীয়াই সজীৱ কৰি তোলে জীয়াই থকাৰ আশা। তেজপুৰৰ খেতি পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল। বাৰিষা অহাৰ লগে লগে খেতিপথাৰত ব্যস্ত হৈ পৰা দেখা গৈছে কৃষকসকলক। জেঠ গৈ আহাৰ মাহত ভৰি দিয়াৰ লগে লগেই চহা জীৱনৰ কৃষকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে এইখিনি সময়।
ধৰাৰ উজ্জ্বিৱিত বুকুত ৰোৱনীয়ে ভূই ৰোৱাৰ সময় এইয়া । কৃষিজীৱি পৰিয়ালৰ ডেকা – বুঢ়াৰ পৰা আদি কৰি সকলো ব্যস্ত হৈ পৰিছে খেতিপথাৰত। বৰ্ষাই কৃষকৰ দুচকুত আশাৰ জোৱাৰ নমাই অনাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ খেতিপথাৰত এতিয়া ব্যস্ত কৃষকসকল।
মুল্যবৃদ্ধিয়ে জনজীৱন স্তব্ধ কৰাৰ সময়তেই কঁকালত গাঁঠি মাৰি খেতি পথাৰত নামিছে হালুৱা ৰোৱনী। হালুৱাই হাল বাইছে, ৰোৱনীয়ে ধৰাৰ বুকুত কঠিয়া গুজি বছৰটোলৈ সপোন সিঁচিছে। নানা আনন্দ উলাহেৰে এতিয়া তেজপুৰত খেতি পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল।