Breaking

ভয়াবহ বিপদ সংকুলৰ মাজৰে চলিছে যান-বাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রীয়ে

0 625

যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিভাগীয় কৰ্তৃপক্ষই । কুম্ভকর্ণ নিদ্ৰাত স্থানীয় প্ৰশাসন । ভয়াবহ বিপদ সংকুলৰ মাজত চলিছে যানবাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রী ।


ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে চাইড বামৰ কাম নকৰাত ভয়ংকৰ বিপদৰ মাজত চলাচল কৰিব লগা হৈছে যানবাহ। যাৰ ফলত ঠায়ে -ঠায়ে অনাকাঙ্ক্ষিত দুৰ্ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে  ।  যাত্রীৰ জীৱনক লৈ হেতালি খেলা বিভাগীয় কৰ্তৃপক্ষই  ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইড বাম নিৰ্মাণ কৰিব নে যাত্ৰীৰ আবেগ অনুভূতিক লৈ খেলা কৰিব ?   

ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি অতি কম দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইড বামৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে,। অন্যথা চাপৰবাসী ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰিবলৈ বাধ্য হব বুলিও ভাবুকি প্ৰদান কৰা দেখা যায় । এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে কি ব্যবস্থা গ্রহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব  । 

Leave A Reply