Breaking

বিপদ সংকুলতাৰে যাতায়ত।এজাক বৰষুণতে বিধস্ত হৈ পৰিছে ওৰাং ৰাষ্টীয় উদ্যানলৈ যোৱা দুটি পথ ।

0 1,030

আজি তিনিদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুনৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা দুটি পথ বিধস্ত হৈ পৰিছে । ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন ধনশ্ৰীঘাটৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানী পথটো আৰু ওৰাং টাউনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ  যোৱা গড়কাপ্তানী পথৰ অবস্থা অতি  জৰাজীৰ্ণ হৈ পৰিছে ।দীৰ্ঘদিন ধৰি পথ দুটা মেৰামতি নকৰাৰ ফলত বখলা বখলিকৈ এৰি তাতে পানী জমা হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে । ফলত  বৃহৎ  অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ   ক্ষেত্ৰত ভীষন সমস্যাৰ সৃষ্টি হৈছে । কেবা ঠাইতো প্ৰকান্ড প্ৰকান্ড গাতৰ সৃষ্টি হোৱাত সৰু বৰ যান বাহন গৰু গাড়ী লেখিয়াকৈ বিপদ সংকুলতাৰে অহা যোৱা কৰিব লগা হৈছি । ফলত শিলবুড়ী ,ধনশ্ৰীবজাৰ অৰ্থবা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ   ওৰাং ধনশ্ৰীঘাটৰ পৰা অহা যোৱা কৰোতে  ১৫ মিনিট সময় লাগে যদিও এতিয়া জৰাজীৰ্ণ এই পথেৰে যাতায়ত কৰিব লগীয়া হোৱাত  ৪৫ মিনিট সময়ৰ প্ৰয়োজন হৈ পৰিছে । পথচাৰী  সকলৰ লগতে চাইকেল আৰোহী সকলেও অতি সাৱধানতাৰে যাতায়ত কৰিব লগীয়া হৈছে । নহলে যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোবাৰ পুৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে । সেয়েহে ব্যস্ততাপূৰ্ণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথদুটা অতি শীঘ্ৰে মেৰামতি কৰিবলৈ বিৰ্ভাগীয কৰ্তৃপক্ষক দাবী জনাইছে অনঞ্চলটোৰ ৰাইজে  ।

Leave A Reply