শোকাৱহ ঘটনা, মইনবৰীত বজ্ৰ পৰি দুজন যুৱকৰ মৃত্যু

বৰপেটা জিলাৰ ইতিহাস প্ৰসিদ্ধ মইনবৰীত বজ্ৰপাতত দুজন ল’ৰাৰ মৃত্যু হোৱাত অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে শনিবাৰে আবেলি এজাক প্ৰৱল ধুমুহা আৰু বৰষুণ অহাৰ সময়তে বজ্ৰপাত পৰে। এই বজ্ৰপাতত ল’ৰা দুজনৰ মৃত্যু হয়।মৃত ল’ৰা দুজনৰ এজন মইনবৰীস্থ পোষ্ট অফিচৰ পোষ্ট মাষ্টৰ আব্দুল খালেকৰ পুত্ৰ আবু বক্কাৰ ছিদ্দিক (১৫) আৰু আনজন ধনঞ্জয় ঘোষৰ পুত্ৰ প্ৰসেনজিৎ ঘোষ (২১) বুলি জানিব পৰা গৈছে।উল্লেখ্য যে বৰষুণ অহাৰ সময়ত ল’ৰা দুজনে বেঁকী নৈৰ পাৰৰ পৰা ঘৰলৈ আহি থাকোতেই বজ্ৰপাত পৰি কৰুণ মৃত্যুক আকোৱালি লয়। আবু বক্কাৰ ছিদ্দিক মইনবৰী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। ল’ৰা দুজনৰ মৃত্যুত বৃহত্তৰ মইনবৰী অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

Related Articles