Breaking

কৰুণ ঘটনা! ছিপাঝাৰত মেট্ৰিক পৰীক্ষাৰ্থীৰ মৃত্যু…

0 56

এক কৰুণ ঘটনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিমটো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নাপালে ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁৱৰ ছাত্ৰ চাইফুল হকে। চাৰিদিন পূৰ্বে গণিত বিষয়ৰ পৰীক্ষা দি ঘৰলৈ বুলি গৈ থকা অৱস্থাত এক দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্রগৰাকী। ইয়াৰ পিছত যোৱানিশা চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আঁকোৱালি লয় ছাত্ৰগৰাকীয়ে। ছাত্ৰগৰাকীৰ মৃত্যুত অঞ্চলটিত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

এগৰাকী কৃতী ছাত্ৰ চাইফুল ইছলাম। চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী ছাত্ৰ চাইফুল ইচলামে ২৯ ফেব্ৰুৱাৰীত দুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দি নিজ বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলক পৰীক্ষা ভাল হোৱা বুলি কৈ বন্ধুৰ সৈতে বাইকেৰে হাঁহি আনন্দৰে ঘৰলৈ উভতি আহিছিল। পিছে ঘৰ পাবলৈ মাত্ৰ অকমান বাকী। তেনে সময়ত ইটা ভৰ্তি ট্ৰাকত মাৰে প্ৰচণ্ড জোৰত খুন্দা। লগে লগে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও জৰুৰীভাৱে গুৱাহাটীলে প্ৰেৰণ কৰা হয়। কিন্তু যোৱা নিশা ৮ মান বজাত জি এম চি এইচত সকলোকে কন্দুৱাই মৃত্যু হয় ছাত্ৰগৰাকীৰ। খবৰ বিয়পি পৰা মাত্ৰকে নিজ গাঁও ঘোপেলী, অধ্যয়ণত চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ননৈ পৰীয়া এন জি অ’কে ধৰি‌অঞ্চলটোৰ আনুষ্ঠান- প্ৰতিষ্ঠান, ৰাইজে শোকত ম্ৰিয়মান হৈ পৰিছে।

Leave A Reply