Breaking

চিৰাঙৰ বাসুগাঁও কলেজৰ প্ৰৱেশপথৰ সন্মুখত শোকাবহ পথ দুৰ্ঘটনা…

0 1,078

চিৰাং জিলাৰ বাসুগাওঁ চহৰৰ মাজেৰে দীৰ্ঘ দিন ধৰি চলি অহা বাছ,ট্ৰাক,ডাম্পাৰৰ দৌৰাত্মৰ কৰুণ পৰিণতি ঘটিল দিনৰ পোহৰত চহৰৰ মাজমজিয়াত।স্বৌৰাং নামৰ যাত্ৰীবাহী বাছে মহতিয়াই নিলে চাইকেল আৰোহী এগৰাকী কলেজীয়া ছাত্ৰীক ।নিহত ছাত্ৰী গৰাকী বাসুগাঁও জুনিয়ৰ কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰী ছোকিনা বেগম (১৯) বুলি চিনাক্ত কৰা হৈছে । কলেজ ছুটিৰ পিছত সহপাঠীৰ সৈতে চাইকেলেৰে ঘৰলৈ যোৱাৰ সময়ত এএচ -১৪ চি ৩৪৯৫ পঞ্জীয়ন নম্বৰৰ যাত্ৰীবাহী বাছখনে মহতিয়াই নিয়ে ছাত্ৰী গৰাকীক । দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে ।


দুৰ্ঘটনাৰ পিছত ছাত্ৰী গৰাকীক বাসুগাঁৱৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত অনা হয় যদিও চিকিৎসকে ছাত্ৰী গৰাকীক মৃত বুলি ঘোষণা কৰে আৰু তাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।নিহত ছাত্ৰী গৰাকীৰ ঘৰ কোকৰাঝাৰ জিলাৰ জৰেগাঁৱত বুলি জানিব পৰা গৈছে।এই পথ দুৰ্ঘটনাত ছাত্ৰী গৰাকীৰ অকাল মৃত্যুত শিক্ষানুষ্ঠানৰ লগতে সমগ্ৰ এলেকাত শোঁকৰ ছাঁ নামি পৰে । পিছৰ পৰ্যায়ত ইয়াকে কেন্দ্ৰ কৰি শতাধিক ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন দল-সংগঠনে পথ অৱৰোধৰ যোগেদি ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰি পৰিবেশ উত্তাল কৰি তোলে।     

উল্লেখযোগ্য যে বাসুগাওঁ চহৰৰ আৱাসিক আৰু একাধিক প্ৰাথমিক,মাধ্যমিক আৰু কলেজৰ প্ৰৱেশ দ্বাৰৰ সন্মূখেৰে অবিৰত ভাবে চলাচল কৰা বৃহৎ আকাৰৰ বালি আৰু ছাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মই ইতিমধ্যে একাধিক পথ দূৰ্ঘটনা সংঘটিত কৰে যদিও ইয়াৰ বিৰুদ্ধে প্ৰশাসনে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। ইয়াৰ উপৰিও সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেচনৰ ফালৰ পৰা এই সন্দৰ্ভত বহু কেইবাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ দাখিল কৰা হয় যদিও ইয়াৰো কোনো সুফল নোপোৱাত প্ৰশাসনৰ প্ৰতি থকা স্থানীয় ৰাইজৰ আস্থা হেৰুৱাৰ উপক্ৰম হৈছে। 

Leave A Reply