Breaking

মানিকপুৰত শোকাবহ পথ দূৰ্ঘটনা।তীব্ৰ বেগী বাইকৰ খুন্দাত নিহত পথচাৰী।

0 53

 বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত মানিকপুৰৰ কীৰ্ত্তন পাৰাত আবেলি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত আবুল কায়ুম নামৰ এজন পথচাৰী নিহত হয়। জানিব পৰা মতে কীৰ্ত্তন পাৰা বজাৰৰ সমীপৰ গড়কাপ্তানী পথত এ এছ 19M8540  নম্বৰৰ তীব্ৰ বেগী গ্লেমাৰ বাইকৰ খুন্দাত আবুল কায়ুম নামৰ যুবক জন গুৰুতৰ ভাৱে আহত হয়।

আহত ব্যক্তিজনক ততাতৈয়াকৈ বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু হস্পিতালত লৈ যোৱা হয় যদিও ব্যক্তিজন ৰাস্তাতে নিহত হয়। ইফালে বাইক চালক তোফাজ্জুল আলী দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আৰু বঙাইগাঁও চিকিৎসালয়ত ভৰ্ত্তি কৰায় । নিহত কায়ুমৰ ঘৰত শোকাকুল পৰিবেশে বিৰাজ কৰিছে লগতে অঞ্চলজুৰি শোঁকৰ ছাঁ পৰে।

Leave A Reply