নগৰবেৰা হেকৰাত শোকাৱহ পথ দূৰ্ঘটনা : ঘটনাস্থলিতে নিহত দুই সহদৰ

নগৰবেৰাৰ হেকেৰাত শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ স্কুলীয়া ছাত্ৰ। নিহত ছাত্ৰ দুজন আব্দুল কায়ুম মাছুদ (১৪) আৰু মনোৱাৰা হুছেইন (১৫)। ছাত্ৰ দুজন সহোদৰ ভাই ককাই।নিহত ছাত্ৰ দুজন ১ নং মালিবাৰী পথাৰ গাঁৱৰ উছমান আলীৰ দুই সন্তান। বিদ্যালয় ছুটিৰ পাছত তিনিজনকৈ স্কুলীয়া ছাত্ৰই দুচকীয়া বাহনেৰে নিজ ঘৰলৈ যোৱা অৱস্থাতে হেকেৰাত তীব্ৰেবগী অবৈধ বালি কঢ়িওৱা AS-01MC-3502 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়ে। আৰু থিতাতে দুই সহোদৰ ভাই ককাই আব্দুল কায়ুক মাছুদ আৰু মনোৱাৰা হুছেইনৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন এজন ছাত্ৰ নাছিৰুদ্দিন।তিনিগৰাকী নগৰবেৰাৰ দোকুচি আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ কিছু ক্ষতিসাধন কৰাৰ লগতে অৱৰোধ কৰে নগৰবেৰা – ধুপধৰা সংযোগী গঢ়কাপ্তানী পথ। অৱশেষত ঘটনাস্থলীত নগৰবেৰা ৰাহজ চক্ৰ বিষয়া আৰু আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Articles