Breaking

মুম্বাইত আজিৰে পৰা বিজেপিৰ মন্ত্ৰী বিধায়কৰ প্ৰশিক্ষন শিবিৰ

0 2,038

মুম্বাইত আজিৰে পৰা আৰম্ভ হৈছে অসম প্ৰদেশ বিজেপিৰ মন্ত্ৰী বিধায়কৰ প্ৰশিক্ষন শিবিৰ। শাসকীয় দলটোৰ সকলো মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিছে এই প্ৰশিক্ষণত। মূলত: ৰাজ্যত সু-শাসন প্ৰবৰ্তনৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ। তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিধায়ক প্ৰশিক্ষণ শিবিৰত উপস্হিত থাকিব দলটোৰ বহু কেইজন কেন্দ্ৰীয় নেতা। আনহাতে বৰ্হি: ৰাজ্যত গৈ বিধায়ক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাকলৈ শাসকীয় দলটোক সমালোচনা কৰিছে বিভিন্ন মহলে। এই কাৰ্যসূচীত বৃহৎ পৰিমানৰ চৰকাৰী ধনৰ অপচয় হোৱা বুলিও অভিযোগ আনিছে একাংশই।

Leave A Reply