Breaking

খাৰিজা বিজনীত এছ এছ বি (SSB)ৰ প্ৰশিক্ষণ শিবিৰ

0 1,561

বৰপেটাৰোডৰ সমীপৰ তথা বাক্সা জিলাৰ অন্তৰ্গত  ২০ নং মথনগুৰি সমষ্টিৰ উত্তৰ-খাৰিজা বিজনী  হাইস্কুলৰ প্ৰাংগণত আজি পুৱা ৯ বজাৰ পৰা তিনিদিনীয়াকৈ এছ এছ বিৰ ৫৪ নং বেটেলিয়নৰ উদ্যোগত কাহিতামা পথাৰত   বৃহত্তৰ  খাৰিজা বিজনী অঞ্চলৰ যুৱকযুৱতী সকলক ৫৪এছ, এছ, বি, বাহিনীত যােগদান কৰাৰ  উৎসাহ যােগােৱাৰ অৰ্থে তিনিদিনীয়াকৈ এক প্রশিক্ষণ শিবিৰৰ আয়ােজিত হৈছে। উক্ত প্ৰশিক্ষণ শিবিৰত  উপস্থিত থাকে ৫৪নং এছ, এছ, বি কাহিতামা পাথাৰৰ সহকাৰী  কামাণ্ড দীপক কুমাৰ জস্বল, ইনপেক্টৰ নীৰৱ কুমাৰ, সুশীল কুমাৰে উপস্থিত থাকি খৰিজা বিজনী অঞ্চলৰ প্ৰায় ৮০ জন যুৱক-যুৱতীৰ সকলক প্ৰশিক্ষণ দিয়ে ।উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰ অহা ২১ আগষ্ট লৈকে উত্তৰ-খৰিকা বিজনী হাইস্কুলৰ চলিব। এছ এছ বিয়ে এনে ধৰণৰ প্রশিক্ষণ কাৰ্যসূচীৰ উপৰি সময়ে সময়ে বিভিন্ন সামাজিক কার্যসূচী গ্রহণ কৰি গােটেই অঞ্চলবাসীক সন্তুষ্টি প্রদান কৰি আহিছে। এনেকুৱা প্রশিক্ষণে যথেষ্ট পৰিমাণে নিবনুৱা সমস্যা সমাধান তথা নতুন চাকৰি পােৱাৰ ক্ষেত্ৰত  যথেষ্ট সহায়ক হ’ব বুলি আশা ব্যক্ত কৰিছে  বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ ৰাইজে। 

Leave A Reply