Breaking

ৰঙাপৰাত স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ প্ৰশিক্ষণ শিবিৰ

0 1,534

ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি ৰঙাপৰা মণ্ডল সমিতিৰ উদ্যোগত স্বাস্থ্য সয়ংসেৱক আভিযানৰ প্ৰশিক্ষণ কৰ্মশালা ৰঙাপৰা নগৰৰ বৰজুলি শ্ৰমিক কল্যাণ বিষয়াৰ কাৰ্যালয়ত কালি অনুষ্ঠিত হৈ যায় ।কৰনা মহামাৰীৰ সম্ভাৱিত তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক সকলে চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ মাজত কৰনা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্য হাতত লৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ তত্বাৱধানত ৰাষ্ট্ৰীয় স্বয়ম সেৱক অভিযানৰ আৰম্ভ কৰা হৈছে।এই কাৰ্যক্ৰমৰ অংশ স্বৰূপে ৰঙাপৰা গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত সকলো বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক একত্ৰিত হৈ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত সভাপত্বিত্ব কৰে ভাৰতীয় জনতা পাৰ্টী ৰঙাপাৰা গ্ৰাম্য মণ্ডলৰ সভাপতি  দীপক তেলীয়ে। প্ৰশিক্ষণ শিবিৰত আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে বিজেপিৰ  ৰাষ্ট্ৰীয় স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্য কমল কলিতা আৰু জিলা স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্য দিব্যা সিনহা ।তাৰোপৰি সভাত ৰূপালী পাটোৱাৰী, ডেভিদ খৰা, ৰানা ভাটিয়া,প্ৰসেনজিত দেৱনাথৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply