Breaking

ওদালগুৰি কলেজত ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাদক দ্ৰব্য সেৱনৰ অপকাৰিতাৰ ওপৰত প্ৰশিক্ষণ শিবিৰ…

0 49

আজি বিটিচি শিক্ষা বিভাগৰ উদ্যোগত আৰুBodoland Development Foundation ৰ সহযোগত ওদালগুৰি কলেজত ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাদক দ্ৰব্য সেৱনৰ অপকাৰিতাৰ ওপৰত প্ৰশিক্ষণ শিবিৰ এটা অনুস্থিত হৈ যায়। MRSD NGOৰ অধ্যক্ষ মিলন‌ দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জনায় যে বি টি আৰ অঞ্চলত ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাদক‌ দ্ৰব্যৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি বিভিন্ন বিদ্যালয়- মহাবিদ্যালয় সমূহত সজাগতা সভা অনুস্থিত কৰা হৈছে। ওদালগুৰিৰ অতিৰিক্ত আয়ুক্ত নিলাক্ষী বৈশ্যই মূখ্য অতিথী হিচাপে উপস্থিত থাকি ড্ৰাগছৰ ভয়াবহতাৰ ওপৰত দিঘলীয়া বক্তব্য ৰাখে, তেওঁ ছাত্ৰ ছাত্ৰী সকলক মাদক দ্ৰব্য সেৱনৰ ফলত হব পৰা বিভিন্ন দৈহিক মানসিক আৰু সামাজিক কাৰক সমুহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।

নেহৰু যুৱ কেন্দ্ৰ, ওদালগুৰিৰ ডেপুটি ডিৰেক্টৰ শেখৰ দেৱে , মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লুক দৈমাৰীয়ে ড্ৰাগচ সেৱনৰ ফলত হোৱা শাৰীৰিক তথা মানসিক পৰিৱৰ্তন সমূহৰ পৰা কিদৰে জীৱন‌টো ধ্বংস হয় তাৰ ওপৰত প্ৰধানকৈ আলোকপাত কৰে।উপাধ্যক্ষ সোমনাথ নেপালে মাদক দ্ৰব্য সেৱন জনিত যিকোনো ধৰণৰ খবৰ ততালিকে জনাবলৈ সকলোকে পৰামৰ্শ দিয়ে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply