পাটাছাৰকুছিত “কেক প্ৰস্তুতকৰণ” শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

এডভেঞ্চাৰ ছোচিয়েল অ’ৰগেনাইজেশ্যন পাটাছাৰকুছি চমুকৈ এ এছ অ পিৰ  উদ্যোগত  পাটাছাৰকুছিৰ প্ৰাচ্য সংঘৰ প্ৰেক্ষাগৃহত  দুদিনীয়াকৈ “কেক প্ৰস্তুতকৰণ”  বিষয়ক এটি প্ৰশিক্ষণ শিবিৰ  অনুষ্ঠিত হৈ যায়। কালিৰে পৰা আৰম্ভ হোৱা  এই  প্ৰশিক্ষণ শিবিৰটো আজি সামৰণি পৰে।  নিলীম কুমাৰ গোস্বামীয়ে পৰিকল্পনা কৰা  আৰু  ধনস্মিতা দত্তই সমল ব্যক্তি হিচাপে  অংশ গ্ৰহণ কৰা  এই প্ৰশিক্ষণ  শিবিৰটোত  ৪৮ গৰাকী মহিলা শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে । প্ৰশিক্ষণৰ শেষত  উৎপল গোস্বাামীয়ে আতধৰা  প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে পাটাছাৰকুছি বিদ্যাপীঠৰ অধ্যক্ষ তপন কুমাৰ শৰ্মা, দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া শাকৰ নাথ দাস , সাংবাদিক নৱকান্ত কলিতা আৰু সাংবাদিক আমিনুল হকে। উক্ত অনুষ্ঠানত  বিভিন্ন দিশৰ ওপৰত বিশিষ্ট অতিথি সকলে অালোকপাত কৰে। সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলক  মানপত্ৰ বিতৰণ কৰা হয়।  অনুষ্ঠানৰ শেষত অনুষ্ঠানটোৰ সদস্যৰ দ্বাৰা এটি সংগীতানুষ্টান অনুষ্ঠিত হয়।

Related Articles