Breaking

ঋতুশ্ৰাৱৰ সময়ত ল’ব লগা পৰিষ্কাৰ-পৰিচ্ছন্নতা শীৰ্ষক প্ৰশিক্ষণ

0 100

আজিৰ পৰা বৰপেটা জিলাৰ সমগ্ৰ শিক্ষাৰ উদ্যোগত বিদ্যালয়সমূহৰ নোডেল শিক্ষকসকলৰ মাজত ঋতুশ্ৰাৱৰ সময়ত ল’ব লগা পৰিষ্কাৰ-পৰিচ্ছন্নতা শীৰ্ষক এক প্ৰশিক্ষণ এদিনীয়াকৈ বৰপেটা জিলাৰ তৰুণৰাম ফুকন হলত আৰম্ভ হয়।

ভৱানীপুৰ, চেঙা আৰু বজালী শিক্ষা খণ্ডৰ ২৬৪ জন নোডেল শিক্ষক উপস্থিত থকা প্ৰশিক্ষণটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত, শিক্ষা তথা সমগ্ৰ শিক্ষা, বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গীতাশ্ৰী লাচিতে।

উন্মোচনী ভাষণত লখিমী দত্তই কয় যে বৰ্তমান শিক্ষাৰ লগত জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু শাৰীৰিক বিকাশ। তেওঁ ঋতুশ্ৰাৱৰ সময়ত লব লগা সাৱধানতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে আৰু এইয়া যে কোনো লাজ কৰিবলগীয়া বিষয় নহয় তাক বুজাই দিয়ে।

আনহাতে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গীতাশ্ৰী লাচিতে তেখেতৰ বক্তব্যত অসাৱধানতাৰ ফলত হব পৰা এনিমিয়া ৰোগৰ বিষয়ে আলোকপাত কৰে আৰু এইক্ষেত্ৰত শিক্ষক সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কয়। ঋতুশ্ৰাৱৰ সময়ত ল’ব লগা পৰিষ্কাৰ পৰিচ্ছন্নতা শীৰ্ষক এই প্ৰশিক্ষণৰ উন্মোচনী অনুষ্ঠানটো আঁত ধৰে সমগ্র শিক্ষা, বৰপেটাৰ জিলা আচনি বিষয়া ৰঞ্জন দাসে।

এদিনীয়াকৈ অনুষ্ঠিত প্ৰশিক্ষণটোৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত ২৬৪ জন শিক্ষক শিক্ষয়িত্ৰী আৰু কাইলৈ হ’ব লগা দ্বিতীয় দিনৰ কাৰ্যসূচীত বৰপেটা, মন্দিয়া, ৰূপসী আৰু গোৱৰ্ধনা শিক্ষাখণ্ডৰ ২৭৮ জন শিক্ষক শিক্ষয়িত্ৰী Nodal Teacher হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰিব।


চন্দন কুমাৰ দাস, লীনা বৰ্মন, উৎপল বায়ন আৰু চামচুল হক সমন্বয়ক হিচাপে থকা এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণটোত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৰীমা কলিতা, ডলী ভূঞা, ডাঃ মনোৰমা কলিতা, ডাঃ চফুৰা বেগম আৰু ডাঃ অমিত কুমাৰ মেধি।

Leave A Reply