Breaking

নগাঁৱত এফ এছ এছ এম প্ৰকল্প বিষয়ক প্ৰশিক্ষণ

0 69

নগাঁও পৌৰসভাৰ উদ্যোগত তথা বেচৰকাৰী সংস্থা নাৰী উন্নয়ন কেন্দ্ৰ আৰু ইউনিছেফৰ সহযোগত নগাঁৱত যোৱা ১০ মে’ত এফ এছ এছ এম প্ৰকল্পৰ বিষয়ে এক প্ৰশিক্ষণমূলক কাৰ্যসূচী আয়োজন কৰা হয়। দিনজোৰা এই কাৰ্যসূচীত নগাঁৱৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়-কৰ্মচাৰী উপস্হিত থাকে ।

নগাঁৱৰ বিভিন্ন চৰকাৰী বিভাগ যেনে সমাজ-কল্যাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, জন-স্বাস্হ্য কাৰিকৰী বিভাগকে ধৰি বিভিন্ন বিভাগৰ সৰ্বমুঠ ৩৩ গৰাকী বিষয়া-কৰ্মচাৰী উপস্হিত থাকে । নগাঁও পৌৰসভাৰ কাৰ্যকৰী বিষয়া প্ৰিতম ৰাজা শৰ্মাই এই অনুষ্ঠান উদ্বোধন কৰে।ভাষণ প্ৰসংগত তেওঁ এফ এছ এছ এম প্ৰকল্পটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰে ।

ইউনিছেফৰ ফালৰ পৰা অহা বিষয়-ববীয়াসকল, লগতে নগাঁও পৌৰসভাৰ স্বচ্ছ ভাৰত অভিযানৰ জিলা প্ৰকল্প বিষয়া আৰু নাৰী উন্নয়ন কেন্দ্ৰৰ বিষয়-ববীয়াসকলে, এফ এছ এছ এম প্ৰকল্পটোৰ বিভিন্ন দিশ উপস্হাপন কৰাৰ লগতে আৰু যাৱতীয় তথ্য প্ৰদান কৰে । এই কাৰ্যসূচীত উপস্থিতসমূহ বিষয়া-কৰ্মচাৰীক নগাঁও পৌৰসভাই হাতত লোৱা “মল শোধনাগাৰ” নিৰ্মাণ কাৰ্যৰ বিষয়ে অৱগত কৰি এই কাৰ্যসূচী সফল কৰিবলৈ সহযোগিতা কৰিবলৈ নগাঁও পৌৰসভাই অনুৰোধ জনাই ।

Leave A Reply