
জলজীৱন মিছন অসমৰ উদ্যোগত আজি কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত নগৰবেৰাত আঁচনি ৰূপায়ণকাৰী সমৰ্থকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত পানীৰ গুণাগুণ সম্পৰ্কীয় এক প্ৰশিক্ষণ সম্পন্ন হৈ যায়। এই শিবিৰত নগৰবেৰা অঞ্চলৰ ছয় খন গাঁৱৰ ৩০ গৰাকী মহিলাৰ লগতে বহু কেইগৰাকী নেতৃস্থানীয় ব্যক্তিৰ লগতে বহু কেইজন সেচ্ছসেবক উপস্থিত থাকে ।এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে জনস্বাস্থ্য কাৰিকৰী বকো উপসংমণ্ডলৰ লেৱৰেটৰী এছিছটেণ্ট কেমিষ্ট হিতেশ তালুকদাৰ, খণ্ড সমন্বয়ক বাবুল কলিতাই উপস্থিত থাকি পানীৰ গুণাগুণ আৰু বিশুদ্ধ কৰণ সম্পৰ্কে প্ৰশিক্ষণত উপস্থিত থকা মহিলা সকলক বহল ভিত্তিত বুজাই দিয়ে। উল্লেখ্য যে, জলজীৱন মিছন সন্দৰ্ভত আমাৰ প্ৰয়াস গোষ্ঠীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আনোৱাৰ হুছেইনে মহিলা সকলৰ পূৰ্ণ সহযোগিতা আন্তৰিকতাৰে কামনা কৰাৰ লগতে জলজীৱন মিছন আঁচনি খন কামৰূপ জিলাত বহু গুণে আগবাঢ়ি গৈছে বুলি দোহাৰে।


