অসম আৰক্ষীত ব্যাপক ৰদ-বদল: ষোল্লজন জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলিৰ লগতে নতুন দায়িত্ব অৰ্পন

ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম চৰকাৰে ৰাজ্যৰ আৰক্ষী বিভাগত ব্যাপক ৰদ-বদল কৰিছে। কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰাৰ লগতে আন কেইবাজনকো নতুন দায়িত্ব অৰ্পন কৰা হৈছে।ৰাজ্যপালে জাৰি কৰা নিৰ্দেশ অনুসৰি কেইবাখনো জিলাৰ কমেও ১৬ জন আৰক্ষী অধীক্ষক আৰু অসম আৰক্ষীৰ কমাণ্ডেণ্টক বদলি কৰাৰ লগতে বহু কেইজনক নতুন পদৰ দায়িত্ব দিয়া হৈছে।
নগাঁৱৰ পৰা আৰক্ষী মুখ্য কৰ্যালয়লৈ বদলি কৰি নিয়া নগাঁৱৰ পূৰ্বৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলেক। আনহাতে শদিয়াৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাক যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । চৰাইদেউৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ১নং এপিবিএনৰ কামাণ্ডেণ্ট শ্ৰী যুৱৰাজক ।শদিয়াৰ আৰক্ষী অধীক্ষক পদত নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক নিযুক্তি দিয়া হৈছে ।

চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক গুৱাহাটী (পূৱ) আৰক্ষী উপায়ুক্ত পদলৈ বদলি কৰা হৈছে। দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। দৰং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৰাজমোহন ৰায়ক। কাহিলীপাৰাস্থিত চতুৰ্থ বেটেলিয়নৰ কামাণ্ডেণ্ট শিলাদিত্য চেতিয়াক কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় পৰশুৰাম ঘণাৱটক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসন) পদলৈ বদলি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক নবীন সিঙক বিশ্বনাথৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে। তৃতীয় অসম বেটেলিয়নৰ কামাণ্ডেণ্ট ইমদাদ আলীক পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশনাত এই ৰদ-বদলৰ কথা কোৱা হৈছে।

Related Articles