Breaking

ক্ষেত্ৰীৰ তেঘেৰিয়াৰ বনভোজস্থলীত পৰিবহণ বিভাগৰ সজাগতা সভা

0 50

শীতৰ আগমনৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ক্ষেত্ৰী স্থিত তেঘেৰিয়াৰ বনভোজস্থলীত সকলোকে সচেতন হৈ থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে মত বিনিময় কৰে পৰিবহন বিভাগৰ এটা দলে।

বিশেষকৈ যাত্ৰীবাহী মেজিক-মেক্সিম’ চালকসকলক বনভোজৰ এই সময়চোৱাত মদ্যপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত হ’ব লগা আইনী ব্যৱস্থা সন্দৰ্ভতো অৱগত কৰে পৰিবহন বিষয়া হিমাংশু দাসে।

পৰিবহন বিষয়াগৰাকীয়ে কাৰো ঘৰলৈ দুখৰ বতৰা নোযোৱাকৈ নতুন বছৰৰ শুভাৰম্ভণি কৰিবলৈ আহ্বান জনায় ৰাইজক।

Leave A Reply