আমাৰ মহাঅসমীয়া জাতিৰ সমূহ(Tribal Cultural Unity Forum Assam) জনগোষ্ঠীক এক কৰি আমাৰ মানুহৰ কৰ্ম সংস্কৃতিবোৰ জীয়াই ৰখাৰ স্বাৰ্থত জনগোষ্ঠীয় সাংস্কৃতিক এক্যমঞ্চ, অসমে অসমবাসীৰ সহযোগত অহা ১৮ মে’ৰ পৰা ২০ জুনলৈ “সাংস্কৃতিক ঐক্য যাত্রা” মাজুলী জিলাৰ ঐতিহ্যমণ্ডিত পবিত্ৰ সত্ৰানুষ্ঠান শ্ৰীশ্ৰী গড়মূৰ সত্ৰত শুভাৰম্ভ কৰি ক্ৰমে ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি, দৰং, বাক্সা-তামুলপুৰ, নলবাৰী, বজালী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, পূৱ কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ(Majuli) শদিয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিত সমাপ্ত কৰা হ’ব। অসমত গোষ্ঠীগত সংঘাত নিঃশেষ কৰা আৰু আমাৰ অসমীয়া জাতিয়ে নিজৰ কৰ্মসংস্কৃতিৰে বজাৰ আৰু পথাৰখন জীয়াই ৰখাৰ পৰিৱেশ নিৰ্মাণেই আমাৰ মঞ্চৰ কাম্য।
সেইহে বিশ্বৰ বুকুত অসমীয়া জাতিক সৱল ৰূপত জীয়াই ৰাখিবলৈ অসমৰ মাজমজিয়াত অসমীয়া জাতিৰ “বৰঘৰ” প্ৰতিষ্ঠা কৰিবলৈ ঐক্যমঞ্চ পূৰ্ণ প্ৰতিজ্ঞাবদ্ধ। গতিকে আমাৰ অসমত থকা নিজক অসমীয়া বুলি গৌৰৱ কৰা সকলো জনগোষ্ঠীৰ সহযোগ বিচাৰি এই ৩২ দিনীয়া ‘সাংস্কৃতিক ঐক্য যাত্ৰা’ কৰা হৈছে বুলি আজি মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ প্ৰধান সম্পাদক প্ৰহ্লাদ মিলি, উপসভাপতি ভূপেন দত্ত, কৃষি সচিব সীমান্ত হাজৰিকা, প্ৰচাৰ বিভাগৰ সহকাৰী সম্পাদক অজয় পলং, মাজুলী জিলা সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ শইকীয়া, প্ৰাক্তন সভাপতি ৰূপজ্যোতি নাথ, জিলা সম্পাদক শংকুসিদ্ধ নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোণাৰাম দাস প্ৰমুখ্যে বিষয়ববীয়াসকলে এক সংবাদমেল সম্বোধন কৰি এইদৰে জানিবলৈ দিয়ে।
উক্ত সংবাদমেল যোগে উক্ত সাংস্কৃতিক ঐক্য যাত্ৰাত প্ৰতিজন অসমীয়াৰ অংশগ্ৰহণ আৰু সহায়-সহযোগ কামনা কৰিছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমে।।