Breaking

ডিমাকুছিত জনগোষ্ঠীয় কবি সমাৰোহ

0 85

কাব্য সাহিত্য বিষয়গক পত্রিকা ‘আজিৰ কবিতা’ আৰু ‘মেজাঙ্কৰি প্ৰকাশন’ৰ উদ্যোগত, ডিমাকুছি শাখা সাহিত্য সভাৰ সহযোগত ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত বৰঙাজুলিস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ৰবিবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ সোঁৱৰণত দিনজোৰা কাৰ্যসূচীৰে জনগোষ্ঠীয় কবি সমাৰোহ, গ্ৰন্থ উন্মোচন, বিশেষ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

ডিমাকুছি শাখা সাহিত্য সভাৰ সম্পাদক জয়ন্ত ৰাজবংশী, আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহাই যৌথভাৱে আঁত ধৰা আৰু আজিৰ কবিতা’ৰ মুখ্য সম্পাদক ডঃ ভৱেশ দাসে সঞ্চালনা কৰা এই অনুষ্ঠান টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱাই উদ্বোধন কৰে।

অনুষ্ঠানত ৩৩ বছৰে প্ৰকাশিত হৈ অহা বিনয় চলিহা সম্পাদিত আৰু পুলস্ত্য শৰ্মাই অতিথি সম্পাদকৰ দায়িত্ব লৈ প্ৰকাশ কৰা ‘আজিৰ কবিতা’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে।

অনুষ্ঠানত উন্মোচিত গ্ৰন্থঃ সমূহ হল ক্ৰমে-

 আজিৰ কবিতা কাব্যালোচনী
১। ৰুণুপ্ৰভা চহৰীয়াৰ-চেগুন গছৰ আঁৰে আঁৰে
২।হৰেশ্বৰী বৰুৱাৰ- সাজোনমতী
৩।জয়ন্ত দাসৰ-ৰৌদ্ৰজ্জ্বল পুৱাৰ অপেক্ষাত
৪।জয়ন্ত ৰাজবংশীৰ- ওলম ঘড়ী
৫। ধৰ্মেন্দ্ৰ বৰাৰ- কবিতাৰ সন্ধানত আমি
৬।হেমলতা দেৱীৰ-আলোকৰ সন্ধানত
৭।লতাশ্ৰী দত্তৰ- নৈপৰীয়া বিলাপ
৮।কন্দৰ্প কলিতাৰ-ৰাজনৈতিক দৃষ্টিকোণ

অনুষ্ঠানত আজিৰ কবিতাৰ তৰফৰ পৰা
১।কাব্য শিৰোমণি বঁটা- অহিদ পেৰিচ খান
২।কাব্য মহীয়সী বঁটাঃ নিৰুপমা গোস্বামী লৈ আগবঢ়োৱা হয়।

মেজাংকৰি সংবাদ সাধনা বঁটা আগবঢ়োৱা হয় ক্ৰমে – গণেশ দত্ত,কন্দৰ্প কুমাৰ কলিতা,যুৱ সাংবাদিকতা বঁটা- অৰূপ কুমাৰ বড়ো আৰু চিন্ময় ডেকালৈ।

-অৰূপ বড়ো,টংলা

Leave A Reply