যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ শ্ৰদ্ধাঞ্জলি প্ৰাৰ্থনা সভা

যোৰহাট, ২৭ নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোঁৱৰণত কালি বিয়লি ৪.৩০ বজাৰ পৰা যোৰহাট জিলা কৰ্মচাৰী পৰিষদে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে | সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি নৃপেন ভূঞা আৰু প্ৰাক্তন ছাত্রনেতা তথা অধিবক্তা ইন্দ্ৰজিত কাকতিয়ে ক্ৰমে বন্তি প্ৰজ্বলন আৰু মুখ্য তৰ্পক হিচাপে উপস্থিত থকা প্ৰাৰ্থনা সভাখনত গীতা, গ্ৰন্থ সাহেব, কোৰাণ, বাইবেল, ত্রিপিটক আৰু কীৰ্তন পাঠেৰে সৰ্বপ্ৰিয় জননেতা গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰা হয় | শতাধিক কৰ্মচাৰীৰ অংশগ্ৰহণত সমাপন হোৱা অনুষ্ঠানটিৰ আঁত ধৰে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হৰিশ শইকীয়া আৰু শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰদীপ ৰাজখোৱাই | 

Related Articles