নিউ আৰ্ট প্লেয়াৰ্ছৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি…

সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুস্থান নিউ আৰ্ট প্লেয়াৰ্ছে যোৱা ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে এই মহান শিল্পী গৰাকীক বিশেষ ভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সন্ধিয়া ৬-০০বজাৰ পৰা সংঘৰ নৱনিৰ্মীত প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতেই  সভাপতি অজয় কুমাৰ দত্তৰ লগতে উপস্থিত সদস্য সকলে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাৰ্ঘৰে শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰে৷ শ্ৰদ্ধাঞ্জলি অনুস্থানৰ পিচতেই সংঘৰ সভাপতি অজয় কুমাৰ দত্তৰ ভাষণ প্ৰসংগত অনুস্থানত উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে এই মহান ব্যক্তি গৰাকীৰ সৈতে ব্যক্তিগত সান্নিধ্যত লাভ কৰা  কেতবোৰ ৰাজনৈতিক ঘটনাৰ অভিজ্ঞতা ৰোমন্থন কৰে৷ ইয়াৰ পিচতেই নীৰদা চক্ৰৱৰ্তীয়ে বিষ্ণু প্ৰসাদ ৰাভাই বিভিন্ন ক্ষেত্ৰত দেশলৈ আগবঢ়োৱা উল্লেখযোগ্য বৰঙনি সমূহৰ চমুকৈ আলোকপাত কৰে৷ সংঘৰ তৰফৰ পৰা অনুস্থানত উপস্থিত বিশিষ্ট অতিথি ক্ৰমে মাধুৰীমা সেন বৰুৱা, কুন্তল মণি শৰ্মা বৰদলৈক, অনুপম চৌধুৰী আৰু অতুল দত্তক সম্বৰ্ধনা জ্ঞাপন কৰে৷

শ্ৰদ্ধাঞ্জলি পৰ্বৰ পিচত আয়োজিত সাংস্কৃতিক অনুস্থানত সংঘৰ শিল্পী সকলে বিশিষ্ট সুৰকাৰ অনুপম চৌধুৰীৰ পৰিচালনাত সমবেত সঙ্গীত পৰিবেশন কৰি শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে৷ পৰবৰ্তী কাৰ্যসূচীত প্ৰতিস্থিত আৰু উদীয়মান কণ্ঠশিল্পী ক্ৰমে ৰুবুল কলিতা, স্পন্দন চক্ৰৱৰ্তী, চামিমা খাতুন, সুনয়না গোস্বামী, ইভা চৌধুৰী, মঞ্জুৰীমা শইকীয়া, শীভাঙ্গী চক্ৰৱৰ্তী,  তনিষ্ঠা শৰ্মা বৰদলৈ আৰু সঙ্গীতা বৰায়ে বিষ্ণু ৰাভা ৰচিত আৰু সুৰাৰোপিত গীত পৰিবেশন কৰে৷ অনস্থানত নিকিটা ডেকা আৰু নিবেদনা কটকীৰ নৃত্য, কৃতাঞ্জলি দত্তৰ আবৃত্তি, পৰীক্ষিত বৰুৱাৰ গীতাৰ বাদনে দৰ্শকৰ প্ৰসংশা লাভ কৰে৷ সাংস্কৃতিক অনুস্থানৰ অন্তিম কাৰ্যসূচীত  যশস্বী পৰিচালক সঙ্গীতজ্ঞ অনুপম চৌধুৰীয়ে পৰিবেশন কৰা একৰ্ডিয়ান বাদনে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ শেষত কুলজিৎ বৰুৱাই শলাগৰ শৰাই আগবঢ়াই আৰু জাতীয় সংগীতেৰে কাৰ্যসূচীৰ সামৰণি পৰে৷

Related Articles