Breaking

ইটাখোলাত পুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি

0 2,028

বিশ্বনাথ জিলাৰ ইটাখোলাত পুলৱামা শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ইটাখোলাৰ ব্যৱসয়ী প্ৰতিষ্ঠানৰ মাজমজিয়াত বিয়লি ৫ বজাত ৪০ গৰাকী বীৰ শ্বহীদৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনায় আৰু শ্বহীদ সকলক স্মৰণ কৰি মৌন প্ৰাৰ্থনা কৰা হয় ।

১৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে নিৰাপত্তাৰক্ষীৰ বাহনত ভাৰতৰ জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ লেথোপোৰাই (অবন্তীপাৰাৰ কাছাকাছি) জম্মু শ্রীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত নিৰাপত্তাৰক্ষীৰ বাহনত আত্মঘাতী আক্ৰমণৰ বলি হয় ৪০ গৰাকীকৈ আৰক্ষী বাহিনী। দেশ কপাই যোৱা এই আক্ৰমণৰ ফলত ৪০ জনকৈ কেন্দ্রীয় ৰিজাৰ্ভ পুলিচ বাহিনী (চি আৰ পিএফ) কর্মী আৰু আক্রমণকাৰীৰ মৃত্যু হৈছিল।

এই আক্ৰমণত পাকিস্তানৰ ইছলামপন্থী উগ্ৰপন্থী সংগঠন জইশ-ই-মুহাম্মদে স্বীকাৰ কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তৰ যোৱানৰ অকাল মৃত্যু ঘটা এই আক্ৰমণৰ বাবে ভাৰতে পাকিস্তানকে দায়ী ঘোষণা কৰিছিল। কিন্তু পাকিস্তানে এই আক্ৰমণৰ নিন্দা কৰে আৰু আক্ৰমণকাৰীৰ লগত কোনো সম্পৰ্ক নথকাৰ কথা স্বীকাৰ কৰিছিল।

ইটাখোলাৰ উদ্যামী যুৱক শংকুমনি বৰপূজাৰীৰ নিজা প্ৰচেষ্টাত গ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটিত যুৱ ব্যৱসায়ী পৱন কুমাৰ, অজয় গুপ্তা, ছাত্ৰ নেতা পাপ্লু হুচেইনসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। 

Leave A Reply