Breaking

টংলাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলী

0 148

অসমৰ বিশিষ্ট অভিনেতা শ্ৰদ্ধাৰ নিপন গোস্বামী দেৱলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে টংলা চহৰৰ মাজ মজিয়াত উত্তৰ দৰং চিনিয়ৰ চেকোণ্ডেৰি স্কুলৰ সমীপত শ্ৰদ্ধাঞ্জলী অনুস্থান অনুস্থিত কৰি মহানায়ক গৰাকিৰ মহাপ্ৰয়ানত অশ্ৰুশিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলী জনায় ৷

এই শ্ৰদ্ধাঞ্জলী অনুস্থানত উপস্থিত থাকে যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি নিলয় চলিহা,যুটীয়া সম্পাদক দেৱজিৎ দাস টংলা আঞ্চলিক সমিতিৰ উপ সভাপতি উমেশ ডেকা,কমল কৃষ্ণ বড়া আঞ্চলিকৰ সাঃ সম্পাদক সীমান্ত নাথ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ,প্ৰসাৰ ভাৰতীৰ সাংবাদিক নাৰায়ণ ডেকা,টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বড়া,টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ঘটেশ্বৰ বৰুৱাকে আদি কৰি টংলাৰ বহু বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞলি অনুস্থানত ভাগ লৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply