Breaking

উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱত গীত মাতেৰে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

0 113

আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানৰ তৰফৰপৰা মঙলবাৰে অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যু তিথিত গীতে মাতে সোঁৱৰণ কৰা হয়।

আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি ৰবিন্দ্ৰ নাথ দাসে। বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শাখাৰ উপ সভাপতি দিলীপ দাসে।

ইয়াৰ পিছতে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ক্ৰমে শাখাৰ সহকাৰী সম্পাদক হৰিশ চন্দ্ৰ দাস,কোষাধ্যষ শংকৰ কুমাৰ দাস, শাখাৰ পত্ৰিকা সম্পাদিকা ড০চিত্ৰা শৰ্মা, প্ৰচাৰ সম্পাদিকা বেবী দাস, শাখাৰ প্ৰাক্তন উপ সভাপতি গিৰীশ শীল, শাখাৰ সদস্য নিতোপম মেধি, কৃষ্ণ শৰ্মা, ধ্ৰুৱ দাস,তৰণী দাস,নিলীমা দাস,পূৰবী দাস, ভাস্কৰ দাস আৰু সাংবাদিক ৰূপক ডেকাই।

ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ শাখা সভাপতি ৰবিন্দ্ৰ নাথ দাসে সঞ্চালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক তপন দাসে। শিশু শিল্প সাগৰিকা গাৰ্গীৰ বিষ্ণু ৰাভা সংগীত পৰিবেশনৰে আৰম্ভ হোৱা সভাত ভাষণ দিয়ে শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি তথা শাখাৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ শৰ্মাই।

শৰ্মাই তেওঁৰ ভাষণত কয় “বিষ্ণু ৰাভা এনে এগৰাকী শিল্পী আছিল যাৰ গাত ভাৰতীয় সংগীতৰ ৬৪ কলাৰ আটাইকেইটা গুণেই নিহিত আছিল। এনে এগৰাকী শিল্পীৰ অসমত জন্মগ্ৰহণ কৰা বাবে আমি গৌৰাম্বিত। কিন্তু একে সময়তে এই গৰাকী মহান শিল্পীক হেৰুৱাই আমি মহাশূণ্যতা পদে পদে আমি অনুভৱ কৰিছো। এইগৰাকী মহান শিল্পীৰ দৰে শিল্পী আমাৰ মূলূকত অনাগত দিনত জন্ম হ’ব তাক আমি ক’ব নোৱাৰো। এই গৰাকী মহান শিল্পীয়ে দেখুৱাই যোৱা মহান আদৰ্শৰে আমাৰ ভবিষ্যত প্ৰজন্মক আগুৱাই নিব পাৰিলেহে মহান শিল্পী গৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্বাঞ্জলি জনোৱা হ’ব”।

সভাত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা মুনিন ডেকাৰ লগতে কেইবাজনো বক্তাই বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত শাখাৰ সদস্য পল্লৱ ডেকাই বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত লিখা এটি স্বৰচিত কবিতা আবৃত্তি কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।


আনহাতে সৈনিক শিল্পী গৰাকীৰ স্মৃতিত উত্তৰ গুৱাহাটীতো বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে বিষ্ণু ৰাভা দিৱস ।ৰূপালী জয়ন্তী বৰ্ষ গৰকা উত্তৰ গুৱাহাটীৰ আগশাৰীৰ সংগীত শিক্ষানুষ্ঠান ” ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ ” শিক্ষাৰ্থী সকলেও গীতে মাতে স্মৰণ কৰিছে অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীক ।


আনহাতে আমিনগাঁও শৰাইঘাট নাট্য গোষ্ঠীৰ তৰফৰপৰা পৰাও সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আমিনগাঁও চাৰিআলি স্থিত ৰাজহুৱা মঞ্চ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে শৰাইঘাট নাট্য গোষ্ঠীৰ সভাপতি শৰৎ চন্দ্ৰ শৰ্মাই।

বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰবিন্দ্ৰ নাথ দাসে। নাট্য গোষ্ঠীৰ সম্পাদক শংকৰ কুমাৰ দাসে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলোৱে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত কেইবাজনো বক্তাই সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ ওপৰত আলোকপাত কৰে।


ইফালে উত্তৰ গুৱাহাটী অভয়পুৰস্থিত কৃষ্ণা সংগীত বিদ্যালয়ৰ উদ্যোগত আৰু আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সহযোগত আয়োজিত বিষ্ণুপ্ৰসাদ ৰাভাক গীতে মাতে সোঁৱৰণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তই।

কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰাণজিতা কৃষ্ণা তামুলীয়ে। ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সাহিত্য আৰু কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ ওপৰত বিস্তৃত ভাবে ব্যাখ্যা আগবঢ়ায় অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তই। অনুষ্ঠানত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ আৰু সহকাৰী সম্পাদক উৎপল তামুলী, উপদেষ্টা মুনিন ডেকা আৰু মুনীন বায়নে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে।

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা মুকুটেশ্বৰ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে কৃষ্ণা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে সমবেত সংগীত পৰিবেশন কৰে। অনুষ্ঠানত সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ লগতে অনাতাঁৰ শিল্পী ড° বন্তি বৰা দত্তৰ উপৰিও কেইবাজনো স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰি মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

অনুষ্ঠানত বিশিষ্ট শিল্পী গিৰীণ চৌধুৰী, ৰাজেন্দ্ৰ কুমাৰ ডেকা, গৌতম ডেকা আৰু হেমন্ত বড়া উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত কলম আলোচনীৰ সম্পাদক ড° তাৰিণী কান্ত হালৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply