অসম-মিজোৰাম সীমান্তত অসমৰ ভূমি অধিগ্ৰহণ কৰা মিজোক প্ৰতিৰোধ কৰিবলৈ যাওতে যোৱা ২৬ জুলাইত যি নৃশংস ভাবে মিজো দূৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰি ছজনকৈ অসম আৰক্ষীৰ জোৱানক হত্যা কৰিলে তাক কেন্দ্ৰ কৰি যোৱা ২৮ জুলাই তাৰিখে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰে প্ৰেছ বিবৃতি যোগে মিজো দূৰ্বৃত্তক তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু উক্ত ঘটনাত নিহত অসমৰ বীৰ শ্বহীদ আৰক্ষী জোৱানৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ পিছত যোৱা ২৯ জুলাইত সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ বাসুগাঁও আঞ্চলিক কাৰ্যালয়ত সীমিত সংখ্যক উপস্থিতিৰে আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলন,পুষ্পান্জলি নিবেদন আৰু এক মিনিট মৌনব্ৰত পালনেৰে অসমৰ ছজন বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাসুগাঁও আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো গাম্ভীজ্যপূৰ্ণ হৈ উঠে। অসমৰ ইমান খিনি ক্ষতি হোৱাৰ পিছতো মিজো চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া ভিত্তিহীন গোচৰৰ বিৰুদ্ধে সংগঠনটোৰ জিলা সভাপতি শুভ মজুমদাৰ আৰু বাসুগাঁও আঞ্চলিক সভাপতি উত্তম চৌধুৰীয়ে সাংগঠনিক ভাৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অনতি পলমে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া এই গোচৰ উঠাই লোৱাৰ বাবে আহ্বান জনায়।

