নন্দিতা শইকীয়াইৰ মৃত্যুত মৰাণত আছুৰ উদ্যোগত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি

ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰিন্তুু শৰ্মা নামৰ যুৱকজনে চুকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰাত ছাত্ৰী নন্দিতা  শইকীয়াই ৰক্তক্ষৰণ হৈ অজ্ঞান হৈ পৰে।অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোম ভৰ্তি কৰিছিল ২১ আগষ্টৰ সন্ধিয়া।নন্দিতা শইকীয়াই আজি সকলোকে কন্দুৱাই চিকিৎসাধীন অৱস্থাত কোনোদিনে উভতি নহা বাটেৰে গুচি গ’ল দূৰ দিগন্তলৈ। এইগৰাকী ছাত্ৰীৰ অকাল মৃত্যুত ৰাজ্যতে শোকৰ বন্যা বৈছে । আনহাতে অপৰাধী ৰিন্তুু শৰ্মাক কঠোৰকৈ কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে । মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ ট্ৰেফিক পইণ্টত বন্তি প্ৰজ্বলন কৰি ছাত্ৰী গৰাকী প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে অপৰাধী ৰিন্তুু শৰ্মাৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হৈ থকা আনগৰাকী ছাত্ৰীৰ আৰোগ্যৰ কামনা কৰিছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু গগৈ আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱাই ।অনুষ্ঠানৰ জৰিয়তে ঘটনাৰ মূল কালপিটক যাতে আইনৰ সুৰুঙাত সাৰি যাবৰ নোৱাৰে তাৰ বাবে চৰকাৰক উচিত প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় আছুৱে।আনহাতে নন্দিতা শইকীয়াৰ পাঁচ দিনৰ চিকিৎসা খৰচ সম্পূৰ্ণ বহন কৰা ব্ৰহ্মপুত্ৰ হস্পিতালখনৰ স্বত্বাধিকাৰীৰ হাফিজুৰ ৰহমানক মহানতাক আছুৱে প্ৰশংসা কৰিছে।

Related Articles