বৰপেটাৰ ভেল্লাত বিশ্ব বৰেণ্য ব্যক্তি ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি।

বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ দশমতম মৃত্যুবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ভেল্লাত বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ উদ্যোগত  সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ প্ৰতিছবিত মাল্যৰ্পন কৰে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনচাৰী আলী আহমেদে। প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি তেওঁ মানুহৰ হৃদয় স্পৰ্শ কৰিব পৰা কথা ভূপেনৰ গীতত আবদ্ধ আছে বুলি কৈ ভূপেনৰ মৃত্যুৰ পিছতহে সেই গীত আৰু কথাৰ মাধুৰ্যতা উপলব্ধি কৰিছো আমি বুলি কয় তেওঁ। সকলোকে মৰমেৰে উপচাই পেলাবলৈ বিদেশতো গান গাই  ভূপেন হাজৰিকাই যাযাবৰী জীৱন কটাইছে বুলি কৈ অসমক প্ৰাণেৰে ভালপোৱা লোক ভূপেন হাজৰিকা আছিল বুলি কয় তেওঁ । ভাৰতীয় লোকক একত্ৰিত কৰিবলৈ ভূপেন হাজৰিকাই ৰচনা কৰিছে বহু কালজয়ী গীত আৰু সেই গীত, মাতে একতা আৰু ভাতৃত্ববোধেৰে সকলোকে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে বুলিও কয় আনচাৰী আলী আহমেদে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ উপ সভাপতি সেখ ৰহমত উল্লাহে আৰু পূস্পাঞ্জলি জ্ঞাপন কৰে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ কাৰ্যকৰ্তা ছফিকুৰ ৰহমানে। অনুষ্ঠানত বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সভাপতি আজিজুল হক, কাৰ্যালয় সম্পাদক মুকুট আলীৰ লগতে কেইবাগৰাকীও স্থানীয় ব্যক্তি উপস্থিত থাকে।

Related Articles