সহস্ৰাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰাত অংশ গ্ৰহণ।১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ অভয়াপুৰীত বিশাল “ত্ৰিৰংগা যাত্ৰা”।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও জিলাৰ উদ্যোগত আৰু অভয়াপুৰী আঞ্চলিকৰ সহযোগত এই “ত্ৰিৰংগা যাত্ৰা”।

“আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে বঙাইগাঁও জিলাৰ অভয়াপুৰীত ১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ মংগলবাৰে এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয়।দেশৰ ৭৬ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি “আজাদী কা অমৃত মহোৎসৱ”ৰ অংশ হিচাপে অভয়াপুৰীৰ ৰাস পথাৰৰ পৰা শুভাৰম্ভ কৰা শোভাযাত্ৰা অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত সমাপ্ত হয়।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ-বীৰাংগনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।