international women’s day । নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ত্ৰিদেৱী মণ্ডল পৰ্যায়ৰ সংগঠন (CLF) ৰ উদ্যোগত কাপলাবড়ীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।
উক্ত দিৱস উপলক্ষে মহিলা সকলে বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে এক বিশাল শোভাযাত্ৰা উলিয়ায়। শোভাযাত্ৰাৰ জৰিয়তে বাল্য বিবাহ, নাৰী নিৰ্যাতন, ড্ৰাগছ সেৱন, শিশু শ্ৰম নিষিদ্ধকৰণ, মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা আৰু নাৰীক সম অধিকাৰ প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হয়। শোভাযাত্ৰাটোত ত্ৰিদেৱী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী গীতা হালৈ, সম্পাদিকা নুৰজাহান বেগম, উপ-সভানেত্ৰী নিশা মেধি, হিসাপ পৰীক্ষক হাচিনা বেগম প্ৰমুখ্যে অঞ্চলটোৰ বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰে।
শপত গ্ৰহণ: অনুষ্ঠানৰ অন্তত মহিলা সকলে লিঙ্গ সংবেদনশীলতাৰ ওপৰত শপত গ্ৰহণ কৰে। এই অনুষ্ঠানৰ জৰিয়তে সমাজত নাৰীৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি জনসচেতনতা সৃষ্টি কৰাৰ আহ্বান জনোৱা হয়।

