Breaking

লখিমপুৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ, বিবেক ভোট দিয়াৰ আহ্বান ভোটাৰক…

0 59

সমগ্ৰ দেশৰ  লগতে অসমৰ ১২ নং লখিমপুৰ লোকসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলে  নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ৷ এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত মূল যুঁজখন হ’ব তৃণমূল কংগ্ৰেছ, বিজেপি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাজত ৷ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ আৰু বিজেপি দলক অতিক্ৰম কৰি তৃণমূল কংগ্ৰেছ দলে নিজৰ প্ৰচাৰ অভিযান তীব্ৰৰ কৰি তুলিছে ৷ এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে ধেমাজি জিলাৰ গোগামুখৰ লঠিয়া গাঁৱৰ বিশিষ্ট যুৱ নেতা, যুৱ সমাজকৰ্মী তথা সফল ব্যৱসায়ী ঘনকান্ত চুতীয়াক ৷ উচ্চ শিক্ষিত যুৱক ঘনকান্ত চুতীয়াই লখিমপুৰ লোক সমষ্টিৰ অন্তৰ্গত ৯ খন বিধানসভা সমষ্টিত নিজৰ প্ৰচাৰ কাৰ্যসূচী জোৰদাৰ কৰি তোলাই নহয় ভোটাৰ ৰাইজৰো বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ধেমাজি, ডুমডুমা, শদিয়া, লখিমপুৰ, নাওবৈচা, জোনাই, ঢকুৱাখনা, ৰঙানদী, চিচিবৰগাঁও বিধানসভা সমষ্টিত ঘনকান্ত চুতীয়াই ইতিমধ্যে মাৰাথান নিৰ্বাচনী  প্ৰচাৰ চলাইছে ৷

নিৰ্বাচনী সভাবোৰত বিজেপি-কংগ্ৰেছ সৃষ্ট বৃহৎ নদীবান্ধসমূহৰ নিৰ্মাণ বন্ধ কৰিবলৈ সাংসদত বলিষ্ঠভাৱে উত্থাপন কৰিব  বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ পূৰ্বৰে পৰা জনজাতিৰ মৰ্যাদা লাভ কৰি অহা অসমৰ জনজাতি সকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰতো সাংসদত দাবী উত্থাপন কৰিব বুলি তেওঁ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে ৷ একেদৰে লখিমপুৰ লোকসভা সমষ্টিৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমষ্টিটোৰ বিধ্বস্ত বাট-পথসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে ৷ 

সম্প্ৰতি লখিমপুৰ লোকসভা সমষ্টিত বিজেপি বিৰোধী ঢৌৱে গাঁৱে গাঁৱে কোবাই যোৱাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ স্বেচ্ছাচাৰীতা আৰু দুৰ্বলতাৰ বাবে পাইকাৰী হাৰত কংগ্ৰেছ নেতা-কৰ্মীয়ে দল ত্যাগ কৰি আছে ৷ এনে সুবৰ্ণ সুযোগ গ্ৰহণ কৰিয়ে যুৱ নেতা ঘনকান্ত চুতীয়াই গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ তীব্ৰৰ কৰিছে আৰু পদত্যাগী কংগ্ৰেছ নেতা-কৰ্মী আৰু বিজেপি দলৰ প্ৰতি মোহভংগ ঘটা কৰ্মীসকলক আকোঁৱালী লৈ সুন্দৰভাৱে তৃণমূল কংগ্ৰেছ দলক আগুৱাই নিছে ৷ কংগ্ৰেছ দলৰ নিস্তেজ নিৰ্বাচনী প্ৰচাৰে তৃণমূল কংগ্ৰেছ দলক লখিমপুৰ লোকসভা সমষ্টিত  সুবিধাজনক স্থিতিলৈ আগুৱাই নিছে ৷ উল্লেখনীয় যে, স্নাতকোত্তৰ শিক্ষিত যুৱ সমাজকৰ্মী ঘনকান্ত চুতীয়াৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ ওপৰত সুন্দৰকৈ দখল আছে ৷ অসমীয়া, ইংৰাজী, হিন্দী ভাষাৰ উপৰিও মিচিং, বড়ো, মণিপুৰী, খাছী, বাংলা ভাষা সলসলীয়াকৈ ক’ব পাৰে ৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই লখিমপুৰ লোকসভা সমষ্টিৰ এশ এবুৰি সমস্যা আৰু ইয়াৰ সমাধানক লৈ এখনি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে আৰু উক্ত ইস্তাহাৰ ভোটাৰ ৰাইজক অৰ্পণ কৰিও ভোটাৰ ৰাইজ মন আকৃষ্ট কৰিছে ৷  যুৱ নেতা ঘনকান্ত বিজেপি-কংগ্ৰেছৰ ধনবল-বাহুবলত ভুল নাযায় সকলো  ভোটাৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাইছে ৷

Leave A Reply